ধনদাবীৰে সন্ত্ৰাসঃ লামডিঙত স্বয়ম্ভু সাংবাদিকৰ দপদপনি…

ধনদাবীৰে সন্ত্ৰাসঃ লামডিঙত স্বয়ম্ভু সাংবাদিকৰ দপদপনি…

ডিজিটেল সংবাদ,লামডিংঃ কাঠফুলাৰ দৰে লামডিঙত গঢ় লৈ উঠিছে অবৈধ ৱেব পৰ্টেল আৰু অৰ্হতাহীন সংবাদদাতা ৷ এইবাৰ বৰাক বাৰ্তা আৰু Dলাইভ নামৰ দুটা ৱেব পৰ্টেল সংবাদ দাতাই বৃহৎ সংখ্যক ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে লামডিঙ সমষ্টিতে ৷ D LIVE সংবাদ দাতা ৰাতুল মুখাৰ্জী নামৰ যুৱকজনে লামডিঙৰ বিভিন্ন অঞ্চলত ধন দাবী কৰাৰ অভিযোগ উঠিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি লামডিং সমষ্টিৰ উদালীৰ বন বিভাগৰ বিষয়া পৰা দুই লাখ টকা আৰু খাংগাৰ গাৱৰ বন বিভাগৰ বিষয়াৰ পৰা দুই লাখকৈ ধন দাবী কৰে অভিযুক্ত ৰাতুল মুখাৰ্জীয়ে ৷ আনফালে অভযোগ অনুসৰি লামডিঙ লংকা সংযোগী পথেৰে যোৱা নথি পত্ৰ থকা গৰু ব্যৱসায়ী সকলক ভয় ভাবুকি প্ৰদান কৰি ধন আত্মসাৎ কৰা ঘটনা পোহৰলৈ আহিছে ৷ ঘটনা কেৱল ইমানেই নহয় ধনদাবীৰ চৰম সীমা অতিক্ৰম কৰিলে আনজন বৰাক বাৰ্তা সংবাদ দাতা অৰূপ মজুমদাৰেও ৷

এইবাৰ ধনদাবী কৰা ব্যৱসায়জনৰ দুৰৱৰ্স্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ অভিযোগ অনুসৰি লামডিঙ জুৰাপুল অঞ্চলৰ এইজন ব্যৱসায়ী ৷ চকুৰে নেদেখা এই ব্যৱসায়ী জনৰ নাম হল বিধান দাস ৷ ৰোগীয়া পুত্ৰক লগত লৈ তেওঁ বাহঁ ব্যৱসায়ী কৰি পৰিয়ালটোক পোহ পাল দিছে ৷ কিন্তু শগুন পৰা দি বৰাক বাৰ্তা ৱেৱ পৰ্টেলটোৰ সংবাদ দাতা অৰূপ মজুমদাৰে তেওঁৰ পৰা দাবী কৰিলে এক লাখ টকা ৷

পৰৱৰ্তী সময়ত নানান ভয় ভাবুকি প্ৰদান কৰি ব্যৱসায়ী জনৰ পৰা আদায় কৰিলে নগদ দহ হাজাৰ টকা ৷ সকলো নথি পত্ৰ ঠিকে থকাৰ পাছতো ব্যৱসায়ী জনৰ পৰা ধন আত্মসাৎ কৰাত আজি লামডিঙ থানাত ব্যৱসায়ী গৰাকীয়ে এখন গোচৰ ৰুজু কৰে অৰূপ মজুমদাৰ আৰু তেওঁৰ সতীৰ্থ বংকো বিৰুদ্ধে ৷

লামডিঙত বৰ্তমান অৰূপ বংকো আৰু ৰাতুল মুখাৰ্জীয়ে সাংবাদিকৰ সন্ত্ৰাস সৃষ্টি কৰিছে ৷ সংবাদ মাধ্যমক কলংকিত কৰা এই কেইজন ভূৱা যুৱকৰ ওপৰত অতিষ্ঠ হৈ পৰিছে লামডিঙবাসী ৰাইজ ৷ নেচনেল এন্টি ক্ৰাইম এণ্ড হিউমেন ৰাইটছ্ কাউঞ্চিল অৱ ইণ্ডিয়াৰ অসম উপসভাপতি আৰু উদালী যুৱসমাজে এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ কৰে হোজাই আৰক্ষী অধীক্ষক ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in