লামডিংত ভয়ংকৰ অগ্নিকাণ্ড…VIDEO

লামডিংত ভয়ংকৰ অগ্নিকাণ্ড…VIDEO

ডিজিটেল সংবাদ,লামডিংঃ হোজাই জিলাৰ লামডিঙত শুকুৰবাৰে সন্ধিয়া এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ইটাভাট্টা চাৰিআলিৰ আল্লাউদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত ৬ টা ভাৰা ঘৰৰ কোঠালি চকুৰ পলকতে জুইত সম্পূৰ্ণভাবে ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ সময়ত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত আতংকময় পৰিস্থিতি সৃষ্টি হয়৷উক্ত অগ্নিকাণ্ডত ৬টাকৈ ভাৰাঘৰ জুইত জাহ যোৱাৰ লগতে ব্যৱসায়ী জনৰ এটি লোহাৰ ডেম্পো সম্পূৰ্ণৰূপে জ্বলি ভস্মিভূত হয় ৷

ইপিনে লংকা ,শংকৰদেৱ নগৰৰ পৰা যোৱা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ তৎপৰতাত জুই নিৰ্বাপিত হোৱাত সমীপৰে ঘৰ কেইখন ৰক্ষা পৰে ৷এই অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱাৰ আশংকা কৰা হৈছে ৷৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in