ডিমা হাছাওৰ জিলাত অগপৰ দুই জ্যেষ্ঠ নেতা অতুল বৰা, কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

ডিমা হাছাওৰ জিলাত অগপৰ দুই জ্যেষ্ঠ নেতা অতুল বৰা, কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, লামডিংঃ নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি বিজেপিৰে সৈতে অসম গণ পৰিষদে মিত্ৰতা ভংগ কৰিলেও বৃহস্পতিবাৰে লামডিঙত বিধেয়ক খনৰ প্ৰসংগত এষাৰো মন্তব্য কৰাৰ পৰা বিৰত থাকে দলটোৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি।আজি ডিমা হাছাও জিলাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি লামডিঙৰ সাংবাদিকৰ আগত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰসংগত মন্তব্য কৰাৰ পৰা বিৰত থাকে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। উল্লেখ্য যে অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া পাহাৰীয়া ডিমা হাছাও জিলাৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন।

আজি পাহাৰীয়া জিলাখনৰ লাংটিঙত নিৰ্বাচনী প্ৰচাৰ চলায় অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই। পাহাৰীয়া জিলা খনত অগপই ২৭ টা স্বায়ত্ত পৰিষদীয় সমষ্টিত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। লাংডিঙত আজি নিৰ্বাচনী সভাত অগপৰ ডিমা হাছাও জিলাৰ সকলো প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অগপৰ দুই জ্যেষ্ঠ নেতাই।অগপই জিলাখনত মুখ্য কাৰ্যবাহী সদস্য পদত দেৱজিৎ থাওচেনক প্ৰক্ষেপ কৰিছে ৷ আজি শেষৰ দিনৰ নিৰ্বাচনী সভাত সকলো ডিমাচালোকৰ লগতে অন্যান্য জাতিৰ লোকো উপস্থিত থাকি তেওঁলোকৰ অগপৰ প্ৰতি থকা সঁহাৰিৰ ইংগিত প্ৰদান কৰে ৷

সাংবাদিকৰ আগত অগপৰ দুই জ্যেষ্ঠ নেতাই অহা ১৯ জানুৱাৰীত হ'ব লগা ডিমা হাছাও জিলা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনত পাহাৰীয়া জিলাখনৰ ৰাইজৰ বিপুল সহাৰি লাভ কৰাৰ ক্ষেত্ৰত আশাবাদী বুলি মন্তব্য কৰে ।নেতাদ্বয়ে সকলো সমষ্টিতে অগপ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলিও মন্তব্য কৰে ৷ অগপৰ সভাপতি অতুল বৰাই সাংবাদিকক কয় যে বিজেপিয়ে বিগত কালচোৱাত পাহাৰীয়া জিলাখনৰ কোনো উন্নয়ন কৰা নাই। যি উন্নয়ন জিলাখনত হৈছিল সেয়া সকলো অগপৰ দিনতে হৈছিল ৷

বৰাই লগতে কয় যে বৰ্তমান বিজেপিৰ পাহাৰীয়া জিলাখনত নিৰ্বাচনী প্ৰচাৰ চলোৱা কোনো ইচ্ছ্যু নাই। তাৰ বাবেই এতিয়া বিজেপিয়ে বোকা চতিওৱাৰ ৰাজনীতি কৰিছে ৷দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে এইবাৰ পাহাৰীয়া জিলাখনত অগপই পৰিষদ গঠন কৰাটো প্ৰায় নিশ্চিত । স্থানীয় ৰাইজে বিজেপিৰ সকলো মিথ্যাচাৰ এতিয়া বুজি পাইছে ৷ নাগৰিকত্ব সংশোধনী বিলে পাহাৰীয়া জিলাখনত প্ৰভাৱ পেলাৱ নেকি বুলি প্ৰশ্ন কৰাত মহন্তই মন্তব্য দিয়াৰ পৰাই বিৰত থাকে ৷ তাৎপৰ্যপূৰ্ণ যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অগপৰ দুই জ্যেষ্ঠ নেতাই বিজেপিক সমালোচনা কৰিলেও নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ সম্পৰ্কত কোনো মন্তব্য নকৰা কাৰ্যই অগপৰ জ্যেষ্ঠ নেতা দুজনে পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰাৰ আশা মনত পুহি ৰাখিছে বুলিও চৰ্চিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in