লামডিঙত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী…

লামডিঙত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী…

ডিজিটেল সংবাদ,লামডিঙ : বৰ্ধিত পে'ট্ৰল ড্ৰিজেলৰ মূল্য বৃদ্ধি হোৱৰ ফলত কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বুধবাৰে লামডিঙতো কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ লামডিঙৰ পুনম পে'ট্ৰল এজেঞ্চিত কংগ্ৰেছে বুধবাৰে পে'ট্ৰল-ড্ৰিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ বাবে বিজেপী চৰকাৰ হায় হায়, বিজেপী চৰকাৰ গ' বেক ধ্বনিৰে উত্তাল কৰি তোলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত লামডিঙৰ প্ৰাক্তন বিধায়ক তথা এইবাৰৰ কংগ্ৰেছৰ টিকত প্ৰত্যাশী স্বপন কৰ, হোজাই সমষ্টিৰ টিকট প্ৰত্যাশী চিত্ত পাল, এনএছইউআই, হোজাই জিলা ইয়ং ব্ৰিগেডৰ সদস্যসকল উপস্থিত থাকে ৷ প্ৰক্তন বিধায়ক গৰাকীয়ে কয় যে বিগত দিনত লামডিঙত কোনো ধৰণৰ বিকাশ তথা উন্নতি হোৱা নাই ৷

বিজেপী চৰকাৰে দুই এটা পথ নিৰ্মান কৰিয়ে নিজৰ জয় গান সকলোতে গাই ফুৰিছে ৷ ৰাস্তা পথ নিৰ্মান কৰিলেই উন্নয়ন নুবুজাই ৷ লগতে কয় যে লামডিঙৰ বিধায়ক গৰাকী সম্পূৰ্ণ ৰূপে ব্যৰ্থ তথা আগন্তুক নিৰ্বাচনত লামডিঙৰ ৰাইজে ইয়াৰ প্ৰত্তোত্বৰ দিয়াৰ লগতে কংগ্ৰেছ চৰকাৰক আদৰি লব ৷ লামডিঙ তথা সমগ্ৰ ৰাজ্যত মাথো প্ৰতৰণা, প্ৰবঞ্চনা, প্ৰলোভনৰ ৰাজনীতি চলি আছে তাৰবাদে এজনো নিবনুৱাক এইচৰকাৰে চাকৰি দিবলৈ সক্ষম নহল ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in