বিজেপি চৰকাৰৰ বিৰুদ্ধে লামডিং ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ…

বিজেপি চৰকাৰৰ বিৰুদ্ধে লামডিং ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ,লামডিংঃ দুৰ্নীতি মুক্ত অসম গঢ়া সপোন দেখুৱা বিজেপি চৰাকাৰ প্ৰতিটো বিভাগতে এতিয়া চলিছে দুৰ্নীতি ৷ মোডী চৰকাৰ বিৰুদ্ধে লামডিঙতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে ৷ লামডিঙ ব্লক কংগ্ৰেছৰ উদ্যোগত শনিবাৰে লামডিঙৰ ৰাজপথত কংগ্ৰেছৰ সমদল উলিয়াই লামডিং পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাৰ্বস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

লামডিং পৌৰসভাত চলি থকা বিভিন্ন দুৰ্নীতি তথা দালালৰাজৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লামডিং কংগ্ৰেছ দল ৷ দেশত হিটলাৰী শাসন চলোৱা মোদী চৰকাৰে ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি বৰ্তমানলৈকে বাস্তৱত ৰূপান্তৰ কৰিব নোৱাৰিলে মোডীয়ে ৷ সেয়েহে অসমৰ ৰাইজে বিবেচনা কৰি পৰৱৰ্তী সময়ত এখন ভাল চৰকাৰ গঠন কৰাত কংগ্ৰেছ দলক সহায় কৰাৰ বাবে অনুৰোধ জনায় কংগ্ৰেছৰ প্ৰাক্তন বিধায়ন স্বপন কৰে ৷

বিজেপি চৰকাৰ ভ্ৰষ্টাচাৰ, চকীদাৰ চোৰ, দুৰ্নীতিগ্ৰষ্ট মোদী, মোদীৰ মিথ্যাচাৰ প্ৰতিশ্ৰুতি আদি বিভিন্ন কঠোৰ ভাষাৰে সমালোচনা কৰে চৰকাৰখনক ৷ সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা তথা থলুৱাসকলক চাকৰি পৰা বঞ্চিত কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধেও প্ৰতিবাদ কৰে সাব্যস্ত কৰে কৰ্মীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in