লামডিঙৰ ৬ বছৰীয়া বৰ্ষাক লাগে আপোনাৰ সহায়…

লামডিঙৰ ৬ বছৰীয়া বৰ্ষাক লাগে আপোনাৰ সহায়…

ডিজিটেল সংবাদ,লামডিংঃ কোৰোনা কালচোৱাত লামডিঙৰ এটি দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ এটি বাস্তৱ কাহিনী ৷ লামডিঙৰ খাংগাৰ গাৱৰ ২নং ৱাৰ্ড শান্তিপাৰাৰ নিৱাসী দুৰ্লভ দাসৰ সংগ্ৰাম ৷ এগৰাকী ছবছৰীয়া মৰমলগা কনমানি ছোৱালী ৷ নাম তাইৰ বৰষা দাস ৷ ভৰিত আল্টা চকুত কাজল লৈ ভালপোৱা কনমানি বৰষাই এগৰাকী দক্ষ যুদ্ধাৰু দৰে নিজৰ জীৱনটোক লৈ যুজিব আৰম্ভ কৰিছে ৷

যিসময়ত বৰষাৰ হাতত পুতলা লৈ খেলাৰ বয়স সেই সময়ছোৱাত বৰষা আক্ৰান্ত হৈ পৰিছে এক জটিল ৰোগত ৷ যোৱা এবছৰৰ আগত বৰষাৰ বয়স আছিল পাঁচ বছৰ আৰু সেই সময়তে বৰষা আক্ৰান্ত হৈছিল "ব্লাড কেঞ্চাৰত" ৷ পিতৃ দুৰ্লভ দাসে লামডিঙ কালীবাড়িৰৰ ফুটপাথত পাচলি বিক্ৰী কৰি যেনেতেনে ঘৰখন চলাই আহিছিল ৷ কিন্তু হঠাৎতে অহা কালধুমুহাই জুৰুলা কৰি পেলালে পৰিয়ালটোক ৷

দুগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ সৈতে পত্নী চেউলী দাস আৰু দুৰ্লভ দাসে শেষ পৰ্যায়লৈকে জীয়ৰি বৰষাৰ বাবে যুদ্ধ কৰিছে ৷ কিন্তু এতিয়া ক্লান্ত হৈ পৰিছে দুৰ্লভ দাস ৷ সেয়হে চৰকাৰৰ সহায় বিচাৰি চকুলো টুকিছে দুৰ্লভে ৷ গুৱাহাটী মেডিকেল কলেজত বৰষাৰ চিকিৎসা চলি আছে কিন্তু হাতত এতিয়া পৰ্যাপ্ত পৰিমানৰ ধন নাই ৷ আনফালে "আয়ুস্মান কাৰ্ড" কাৰ্ড আছে যদিও আয়ুস্মান কাৰ্ডত পাবলগীয়া সকলো সুবিধা পাবলৈ সক্ষম হোৱা নাই,ঔষধৰ পৰা আদি কৰি সকলো বোৰ কিনিব লগীয়া হোৱাত নিৰুপায় হৈ পৰিছে পৰিয়ালটো ৷

সেয়হে ঘৰৰ মাটি বাড়ি আনকি গাই গৰু বিক্ৰী কৰিলে বৰষাৰ চিকিৎসাৰ বাবে ৷ বৰষাৰ চিকিৎসা আৰু দুবছৰ চলিব বুলি জনাই চিকিৎসকে ৷ অহামাহত আৰু এটা "কেমু" দিয়া হব বুলি চিকিৎসকে জানিবলৈ দিয়ে পৰিয়ালটোক ৷ কিন্তু ধনৰ অভাৱে খেদিছে দুৰ্লভক ৷ বৰষাক চিকিৎসাৰ বাবে আৰ্থিকভাৱে অলপ সহায় কৰিবলৈ অসম চৰকাৰক অনুৰোধ কৰিছে পিতৃ দুৰ্লভ দাসে ৷ ইতিমধ্য লামডিঙৰ স্থানীয় যুৱক গৌতম সাহাই সহায় কৰিছে যদিও আৰু বহু ধনৰ প্ৰয়োজন বৰষাৰ চিকিৎসাৰ বাবে ৷
Ac. 50419571274
Shiuli das
alahabad bank/indian bank
ifsc . Alla0210787

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in