লালুকত ৰে’ল পথত উদ্ধাৰ মহিলাৰ মৃতদেহ…

লালুকত ৰে’ল পথত উদ্ধাৰ মহিলাৰ মৃতদেহ…

ডিজিটেল সংবাদ, লালুকঃ লালুক থানাৰ অন্তৰ্গত তৰাজুলি সোনোৱাল গাঁৱৰ মাজেৰে যোৱা ৰে'ল পথৰ চিৰিৰ নিচেই কাষতে এগৰাকী মহিলাৰ মৃতদেহ শুকুৰবাৰে পুৱা উদ্ধাৰ হয়৷ ৰে'ল পথৰ কাষৰ পথাৰত গৰু এৰাল দিবলৈ যোৱা এজনলোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লালুক থানাত খবৰ দিয়ে৷

ঘটনাস্থলীত লালুক থানাৰ অ' চি প্ৰণৱ বৰা উপস্থিত হৈ ৰেলপথৰ কাষতে হোৱাৰ পৰিপেক্ষিতত ৰে'ল আৰক্ষীক খবৰ দিয়ে৷ উত্তৰ লখিমপুৰৰ পৰা অহা ৰে'ল আৰক্ষীয়ে লালুক আৰক্ষীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

আনহাতে উদ্ধাৰ হোৱা মৃতদেহটো বাৰমাইল পুখুৰীয়াৰ নবীন শইকীয়াৰ পত্নী গীতা শইকীয়া(৩৪) বুলি চিনাক্ত হয়৷ জানিবপৰা মতে, দুটাকৈ সন্তানৰ মাতৃ গীতা শইকীয়া বিগত সাত বছৰ ধৰি মানসিক বিকাৰগ্ৰস্ত হৈ ঘূৰি ফুৰিছিল৷

যোৱা কিছুদিন লালুক গড়মূৰৰ মাতৃ গৃহত আশ্ৰয় লোৱা গীতাই নিতৌ ৰাতিপুৱা প্ৰাতঃভ্ৰমণৰ বাবে ৰে'ল পথৰ কাষেৰে গৈছিল৷ শুকুৰবাৰে পুৱাও তেনেদৰেই ঘৰৰ পৰা ওলাই অহাৰ সময়তে ৰে'লে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ ৰেলৰ খুন্দাৰ বাবেই মহিলা গৰাকীৰ মৃত্যু ঘটে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in