লালুকত মৰেল পুলিচিঙৰ লগত জড়িত ছয়জনক গ্ৰেপ্তাৰ…

লালুকত মৰেল পুলিচিঙৰ লগত জড়িত ছয়জনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ,বান্দৰদেৱাঃ বান্দৰদেৱাৰ সমীপৰ হাৰমতীৰ মৰেল পুলিচিং ঘটনাৰ লগত জড়িত ছয় জন লোকক লালুক আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে অৰুণাচলৰ টাৰু টাগিয়া নামৰ ঠিকাদাৰজনৰ অধীনত পিলখানাত পথ নিৰ্মাণৰ লগত জড়িত একাংশ ড্ৰাইভাৰ আৰু শ্ৰমিকে বেটাৰী চোৰৰ সন্দেহত মৃদুল বৰুৱা নামৰ যুৱকজনক ওৰেটো নিশা বুলডজাৰত বান্ধি অত্যাচাৰ কৰিছিল।

পুৱতি নিশা গাঁওৰক্ষী বাহিনীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল মৃদুলক। এই ঘটনা পোৰহলৈ অহাৰ পাছতেই মৃদুলৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে লালুক আৰক্ষী চকীত। পৰিয়ালৰ এজাহাৰৰ ভিত্তিততেই শনিবাৰে লালুক আৰক্ষীয়ে তপন শইকীয়া নামৰ যুৱকজনৰ লগতে মুঠ ছয়জনক গ্ৰেপ্তাৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in