আছুৰ উদ্যোগত ৰাজনৈতিক দল গঠন হ’লে আপত্তি নাইঃ নাওবৈছাত ৰঞ্জিত দাস…

আছুৰ উদ্যোগত ৰাজনৈতিক দল গঠন হ’লে আপত্তি নাইঃ নাওবৈছাত ৰঞ্জিত দাস…

ডিজিটেল সংবাদ, লখিমপুৰঃ শেহতীয়া ৰাজ্যত দলৰ সাংগাঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিজেপিয়ে বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে সাংগাঠনিক সভা। শনিবাৰে নাওবৈছাৰ লালুক খেলপথাৰত অনুষ্ঠিত হোৱা সভাত কেইবাটাও গুৰত্বপূৰ্ণ ঘোষণা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ভাষণ প্ৰসংগত ৰঞ্জিত দাসে কয়" মিছন ১০০ৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে তিতাবৰ ,মৰিয়নি ,নাজিৰা ,গোলাঘাট আৰু ডুমডুমা আদি বিধানসভা আসন লাভ কৰিব৷ কংগ্ৰেছৰ দখলত থকা কেওটা সমষ্টি বিজেপিয়ে দখল কৰিব বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে।

এ আই ইউ ডি এফৰ দখলত থকা নাওবৈছা বিধানসভা সমষ্টিটো যদি ২১ চনৰ নিৰ্বাচনত বিজেপি ৰ দখললৈ নিব নোৱাৰে তেন্তে নাওবৈচাত বিজেপিৰ সভাপতি গৰাকীয়ে কেতিয়াও ভৰি নেপেলোৱাৰ প্ৰতিশ্ৰুতিও লয়। আনহাতে বি পি এফৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত তেওঁ কয়, বিপিএফ ৰ লগত মিত্ৰতা অক্ষুণ্ণ থাকিব ৷ বিজেপিৰ লগত মিত্ৰতাৰ বাবে আগ্ৰহী সকলৰ লগত মিত্ৰতা সন্দৰ্ভত ১ এপ্ৰিলত ২৫ জনীয়াদলে পৰ্যৱেক্ষণ কৰিব ৷ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ সৈতে আলোচনাৰ মৰ্মে আন দলৰ লগত বড়োলেণ্ডত মিত্ৰতা হ'ব ৷

ইফালে নতুন ৰাজনৈতিক দল গঠনক লৈ সভাপতিগৰাকীয়ে কয়, আছুৰ উদ্যোগত ৰাজনৈতিক দল গঠন হ'লে আদৰিম, আমাৰ আপত্তি নাই৷ আছুৰ ক'লা পতাকাক গামোচাৰে আদৰণি জনাইছো ৷ নক্সাল ষ্টাইলত কৃষক মুক্তিয়ে বিধায়কৰ ঘৰ জ্বলাব সেই কথা মানি লোৱা নহয়৷ কৃষক মুক্তিয়ে ক'লা পতাকা দেখুওৱাটো অগণতান্ত্ৰিক বুলি মন্তব্য কৰে ৰঞ্জিত দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in