লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ…

লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ…

ডিজিটেল সংবাদ, লালুকঃ নামঘৰৰ পৰা মাধৱদেৱৰ তিথিৰ প্ৰসাদ খাই ঘৰলৈ উভটি অহাৰ পথত লালুক থানাৰ অন্তৰ্গত বৈষ্ণৱপুৰত এগৰাকী ৮২ বছৰীয়া বৃদ্ধক এজন কিশোৰে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰাৰ দৰে এক ঘটনা সংঘটিত হয়৷

দাৰ ঘাপত গুৰুতৰভাৱে আহত বৈষ্ণৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল ভূঞা৷ স্থানীয় উত্তেজিত ৰাইজে জ্বলাই দিলে ঘটনা সংঘটিত কৰা কিশোৰটোৰ বাসগৃহ৷ ইফালে ঘটনা সংঘটিত কৰি পলাতক কিশোৰ একে গাঁৱৰে উৎপল দত্ত৷

বিগত সময়তো গাঁওখনত বিভিন্ন ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আহিছে কিশোৰটোৱে৷ বৰ্তমান পলাতক অৱস্থাত আছে ঘটনা সংঘটিত কৰা কিশোৰ উৎপল দত্ত৷ ইতিমধ্যে লালুক থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰৰ পিতৃ-মাতৃক ৰাইজৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজে দুষ্কাৰ্য সংঘটিত কৰা কিশোৰটোক তৎকালেই গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাৱী জনোৱাৰ লগতে বৰ্তমান অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in