মৰাণত অবৈধ লালিগুড়ৰ ৰমৰমীয়া বেহা, ব্যৱসায়ীৰ দোকানৰ পৰা লালিগুড় জব্দ

মৰাণত অবৈধ লালিগুড়ৰ ৰমৰমীয়া বেহা, ব্যৱসায়ীৰ দোকানৰ পৰা লালিগুড় জব্দ

ডিজিটেল সংবাদ, মৰাণঃ মৰাণৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি লালি গুড় আৰু চুলাই মদৰ অবৈধ ৰমৰমীয়া বেহা চলি অহা পৰিলক্ষিত হৈছে। যাৰ ফলত অঞ্চলসমূহৰ পৰিৱেশ বিনষ্ট হোৱাৰ লগতে অঞ্চলটোৰ যুৱকসকলকে ধৰি শিক্ষাৰ্থীসকলো লালিগুড় আৰু চুলাইৰ প্ৰতি আসক্ত হৈ ধ্বংসৰ গৰাহলৈ বাট বুলা বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে, এনে অবৈধ বেহা ব্যধি ৰূপে বিয়পি পৰাৰ পিছতো এক মোটা অংকৰ কমিছনৰ লোভত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে তেনে অবৈধ ব্যৱসায় আৰু ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। যাৰ ফলত অঞ্চলটোৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনে সময়ে সময়ে এনে ব্যৱসায়সমূহ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

আনহাতে আবকাৰী বিভাগ আৰু আৰক্ষীৰ অমনোযোগিতাৰ বাবে বুধবাৰে অবৈধ লালি গুড়ৰ বিৰুদ্ধে আছু, আহোম জাতীয় গণ মঞ্চ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে মৰাণৰ বামুনবাৰীত অভিযান চলাই মজকুৰ শ্বাহ নামৰ এজন ব্যৱসায়ীৰ দোকানৰ গুদামৰ পৰা অবৈধ ভাৱে মজুত ৰখা বৃহৎ পৰিমানৰ লালি গুড় জব্দ কৰি বামুনবাৰী আৰক্ষী চকীত গতাই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in