“সলোবাথা খৌনাছং দে” নামৰ শিশুগ্ৰন্থৰ বাবে বড়ো সাহিত্যত সাহিত্য অকাডেমী বঁটা লক্ষ্মীনাথ ব্ৰহ্মলৈ, VIDEO

“সলোবাথা খৌনাছং দে” নামৰ শিশুগ্ৰন্থৰ বাবে বড়ো সাহিত্যত সাহিত্য অকাডেমী বঁটা লক্ষ্মীনাথ ব্ৰহ্মলৈ, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো সাহিত্য জগতত স্বকীয় কথন শৈলী আৰু কাহিনীৰ গতিশীলতা দক্ষতাৰে আগুৱাই নি বিশেষ স্থান দখল কৰি লোৱা প্ৰসিদ্ধ সাহিত্যিক লক্ষ্মীনাথ ব্ৰহ্মই বড়ো ভাষাত ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে তেওঁৰ দ্বাৰা ৰচিত "সলোবাথা খৌনাছং দে ( সাধুকথা শুনো আহক)" নামৰ শিশু সাহিত্যৰ বাবে এই বঁটা লাভ কৰিছে।

১২ খনতকৈও অধিক শিশুগ্ৰন্থ ৰচনা কৰা প্ৰসিদ্ধ সাহিত্যিক লক্ষ্মীনাথ ব্ৰহ্মৰ মতে সাহিত্য অকাডেমী বঁটা তেওঁৰ বাবে সাহিত্য চৰ্চা আৰু গুণগত মানৰ প্ৰতি এক ডাঙৰ স্বীকৃতি বুলি মন্তব্য কৰে। নৱপ্ৰজন্মৰ পঢ়াৰ প্ৰতি আগ্ৰহ নাই বুলি মন্তব্য কৰি ব্ৰহ্মই পঢ়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ উদ্দেশ্য আৰু লক্ষ্যৰে সাহিত্য ৰচনা কৰে আৰু ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হোৱা সলোবাথা খৌনাছং দে ( সাধুকথা শুনো আহক)" নামৰ শিশুগ্ৰন্থখন বড়ো সাহিত্য সভাৰ টিপকাই অধিবেশনত উন্মোচন কৰা হৈছিল বুলি সদৰি কৰিছে।

কোকৰাঝাৰ জিলাৰ হৰিগাঁও নিৱাসী লক্ষ্মীনাথ ব্ৰহ্মই অলপতে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। উল্লেখ্য যে, লক্ষ্মীনাথ ব্ৰহ্ম বড়ো সাহিত্য সভাৰ সতেও জড়িত আৰু তেওঁ কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু বড়ো সাহিত্য সভাৰ সংবিধান প্ৰণেতা সমিতিৰ দুটাকৈ কাৰ্যকালৰ বাবে সভাপতিৰ পদ অলংকৃত কৰিছিল।

সলোবাথা খৌনাছং দে (সাধুকথা শুনো আহক)" নামৰ শিশুগ্ৰন্থখনৰ বাবে লক্ষ্মীনাথ ব্ৰহ্মই বড়ো সাহিত্যৰ শিতানত সন্মানীয় সাহিত্য অকাডেমী বঁটা প্ৰাপ্তিয়ে জিলাখনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

ইপিনে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰৰ বাবে ড° ৰৌজৌব মুছাহাৰী নিৰ্বাচিত হৈছে। চিৰাং জিলাৰ বিজনী নিবাসী তথা ৰঙিয়া কলেজৰ সহঃ প্ৰৱক্তা ৰৌজৌব মুছাহাৰীয়ে তেওঁৰ দ্বাৰা ৰচিত "সানশ্ৰী মৌনদাংথিনি মৌখাং (সভ্যতা অনুভৱৰ মুখ)" নামৰ কবিতা পুথিৰ বাবে ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in