লখিমপুৰৰ টুল দত্তৰ হত্যাকাৰীৰ ভয়ংকৰ স্বীকাৰোক্তি…

লখিমপুৰৰ টুল দত্তৰ হত্যাকাৰীৰ ভয়ংকৰ স্বীকাৰোক্তি…

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলাৰ ঘাৰমৰা ৰাংচালি গাঁওৰ কৰ্মঠ যুৱক টুল দত্তৰ নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত হৈ পৰিছে ঢকুৱাখনাৰ এটা অপৰাধীৰ নাম। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ
অন্তৰ্গত জালভাৰী গাঁৱৰ নৰ হত্যাকাৰী হিচাবে আৰক্ষী বিভাগত পৰিচিত গেৰজাই বৰুৱা উক্ত নিৰীহ ব্যক্তিৰ দত্তৰ জঘন্য হত্যাকাণ্ডৰে জড়িত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত ঘিলামৰা-গোগামুখ ৰাজ্যিক ঘাইপথৰ টেঙাগৰা দলংৰ সমীপত নিশা নিৰ্জনতাৰ সুযোগ লৈ প্ৰাণনাশী আক্ৰমনেৰে টুল দত্তক যোৱা ২৭ ফেব্ৰুৱাৰীত ডকাইতি কৰাৰ ভয়ংকৰ বিৱৰণী আৰক্ষীক ব্যক্ত কৰিছে ঢকুৱাখনাৰ ধৃত নৰহত্যাকাৰী সোণটি দাসে।

গোগামুখ থানাত পঞ্জীভূত গোচৰৰ তদন্তকাৰী বিষয়া কুল দীপ গগৈয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰা ঢকুৱাখনা নগৰৰ হুজ গাঁওৰ সোনটি দাসে শনিবাৰে প্ৰদান কৰা স্বীকাৰুক্তি অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ সহজলভ্য ধনৰ লোভত পৰি বৰ্বৰ আক্ৰমণ চলাইছিল ধৃত বৰ্বৰ চৰিত্ৰৰ সোনটি দাস আৰু বহুকেইটা অপৰাধৰ সতে জড়িত গেৰজায়ে।

ঘিলামৰাত আকণ্ঠ সুৰা পান কৰি এখন বগা ৰঙৰ স্কুটিৰে, নিজ কৰ্তব্য সমাপন কৰি স্বগৃহলৈ ৰাওনা হোৱা টুল দত্তক ঘিলামৰাৰ পৰা অনুসৰণ কৰি খেদি গৈছিল দুই পাষণ্ডই। টেঙাগৰাৰ নিৰ্জন ঠাইত আগভেটি ধৰি এটা হেলমেটেৰে প্রচণ্ড আক্ৰমণ কৰি , লগত নিয়া চোকা অস্ত্ৰৰে আঘাত কৰি মানি বেগ , মোবাইল আদি সমস্ত সামগ্ৰী লৈ উধাও হৈছিল দুই মাতাল যুৱক।

ধৃত দাসে থানাত জনোৱা মতে নিৰ্মম আক্ৰমণত ইতিমধ্যে বহুকেইটা অপৰাধৰ আচামী , জেলফেৎ গেৰজাই বৰুৱাই প্ৰধান ভূমিকা লৈ পথৰ পৰা বহু তললৈ পেলাই দিছিল । "মোক নামাৰিব, মোৰ এটি লৰা আৰু পৰিয়াল আছে" বুলি কাতৰ আহ্বান জনায় সৰ্বস্ব দুই ডকাইত ৰূপী হত্যাকাৰীক সৰ্পি দিয়াৰ পাছতো উপৰ্য্যোপৰি আক্ৰমণ চলোৱা গেৰজাই আৰু সোনটিয়ে পাছত ধন আৰু মোবাইল ভাগ কৰি লৈ আহি ঘিলামৰাৰ আত্মীয়ৰ ঘৰত সোমায়।

সুৰামত্ত হৈ সংঘটিত কৰা এই ভয়াবহ আক্ৰমণৰ অন্যতম মূল নায়ক ধৃত দাসে আৰক্ষীক প্ৰদান কৰা এই অকপত স্বীকাৰোক্তিয়ে ঘটনাৰ ৰহস্য ফাদিল কৰিছে। পাছদিনা লালুকৰ এটা টাৱাৰত জৰুৰী সেৱা আগবঢ়োৱাৰ বাবে নিশা হ'লেও ঘৰলৈ যোৱাৰ সিদ্ধান্ত লোৱা নিৰীহ টেকনিছিয়ান টুল দত্তই চিকিৎসাধীন অৱস্থাত আত্মীয় স্বজনক দি যোৱা ভাষ্যতো বহু তথ্য তদন্তকাৰী আৰক্ষীয়ে লাভ কৰিছে।

ইপিনে উক্ত জঘন্য ডকাইতি আৰু হত্যাকাণ্ডত ব্যৱহৃত স্কুটিখন শনিবাৰে ( এ এছ-০৩ এ বি- ৪৪২৫ )
গোগামুখ থানাৰ অচি তথা তদন্তকাৰী বিষয়া কুলদীপ গগৈয়ে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে আৰু অন্য গৰাকী অপৰাধীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । দক্ষ তদন্তকাৰী বিষয়া গৰাকীৰ নিখুঁত তদন্তৰ কালত এই জঘন্য হত্যাকাণ্ডৰ অধিক ৰহস্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in