লখিমপুৰ শিমলুগুৰিৰ তিনিজন যুৱকৰ দেহত কোভিড-১৯ পজিটিভ…

লখিমপুৰ শিমলুগুৰিৰ তিনিজন যুৱকৰ দেহত কোভিড-১৯ পজিটিভ…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ শিমলুগুৰিৰ তিনিজন যুৱকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে ৷ জানিব পৰা মতে, শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বছাপুখুৰীৰ যুৱক তীৰেণ সন্দিকৈ, কেছেৰুগুৰিৰ যুৱক খগেন দুৱৰা আৰু ২ নং ৰামপুৰৰ যুৱক দিগন্ত শইকীয়া কোভিত ১৯ ত আক্ৰান্ত হয় ৷

বহিঃৰাজ্য হাইদৰাবাদত কৰ্মৰত তীৰেন আৰু খগেন যোৱা ১ জুলাইত লখিমপুৰ আহি পোৱাৰ পিছত লখিমপুৰ চহৰৰ বিভান হোটেলত কোৱাৰেন্টাইনত আছিল ৷পৰবৰ্তীসময়ত দুয়োগৰাকীৰ স্বাব পৰীক্ষা কৰাৰ পিছত আজি পুৱা যুৱকদুজনৰ কভিড পজিটিভ নিশ্চিত হোৱাৰ পাছত স্বাস্থ্য বিভাগে নাৰায়ণপুৰ আৰ্দশ চিকিৎসালয়ত নতুনকৈ স্থাপন কৰা কোভিড কক্ষলৈ প্ৰেৰণ কৰে ৷

ইফালে গুৱাহাটীত কৰ্মৰত ২ নং ৰামপুৰৰ যুৱক দিগন্ত শইকীয়াই গুৱাহাটীতে স্বাব পৰীক্ষা কৰাৰ পিছত আজি কোভিত-১৯ ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ উল্লেখ্য,দিগন্তই আজি গুৱাহাটীৰ পৰা নিজাগৃহলৈ আহি আছে বুলি জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসন সস্তম হৈ আছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in