পুপুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী কিশোৰীৰ

পুপুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী কিশোৰীৰ

ডিজিটেল সংবাদ শিমলুগুৰিঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বহুপথাৰ গাঁৱত পুখুৰীত গা ধূই থকা অৱস্থাত অকস্মাতে এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে ৷কিশোৰীগৰাকী নাৰায়ণপুৰ মেৰমুখৰ গোহাঁইপুখুৰীৰ প্ৰশান্ত বৰুৱাৰ ১৪ বছৰীয়া কণ্যা সোণমনি বৰুৱা ৷

জানিব পৰা মতে, শিমলুগুৰিৰ বহুপথাৰৰ পেহাক ইন্দ্ৰেশ্বৰ বৰবৰুৱাৰ গৃহত ফুৰিব আহিছিল কিশোৰীগৰাকী ৷ সোমবাৰে পেহীয়েকৰ-পেহাকৰ ঘৰত ভূঁই ৰোৱাৰ পিছত এটি পুখুৰীত বিয়লি প্ৰায় চাৰি বজাত পেহীয়েকৰ জীয়েকৰ লগত গা ধূই আছিল ৷ কিন্তু অতি দুখৰ বিষয় গা-ধূই থকা অৱস্থাত ভনীয়েক হঠাৎ দ-ফালে গুচি যোৱাত বচাবলৈ যাওঁতে নিজে পানীত সোমায় পৰে ৷

ইয়াৰ পিছত কিশোৰীগৰাকীক পাৰলৈ আনি তাৎক্ষনিকভাবে ধলপুৰ খণ্ড প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসকে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু অতি পৰিতাপৰ বিষয় উল্লেখিত চিকিৎসালয়ত গৈ পোৱাৰ পিছতেই চিকিৎসকে কিশোৰীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in