শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

লখিমপুৰত সোৱণশিৰি নদীৰ খহনীয়া, প্ৰতিবাদত নামিল স্থানীয় ৰাইজ…

44

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ ভীমপৰা মথাউৰিত অব্যাহত আছে সোৱণশিৰি নদীৰ কালৰূপী খহনীয়া। মাটি-ভেটি হেৰুৱাইছে দুখীয়া দৰিদ্ৰ শতাধিক লোকে। স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খহনীয়া পৰিদৰ্শন কৰি খহনীয়া‌ৰোধৰ বাবে দিয়া প্ৰতিশ্ৰুতিও অসাৰ প্ৰতিপন্ন হ’ল বুলি অভিযোগ কৰে স্থানীয় লোকে।

শনিবাৰে সোৱণশিৰি নদীৰ পাৰত ভীমপৰা মথাউৰিৰ শতাধিক ৰাইজে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে হাতে হাতে প্লে’কাৰ্ড লৈ ভিন্ন শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিজ্ঞানসন্মত ভাৱে খহনীয়া ৰোধৰ ব্যৱস্থা কৰা, খহনীয়াত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়া, ভূমিহীন প্ৰতিটো পৰিয়ালক ভূমি আৱন্টন দিয়াৰ দাবীত উত্তাল হৈ পৰে সোৱণশিৰি নদীৰ পাৰ।

মাথোঁ ভোট লাভৰ আশাত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী নৱ দলেয়ে খহনীয়া ৰোধৰ মিছা প্ৰতিশ্ৰুতি দি খহনীয়াগ্ৰস্ত ৰাইজক ঠগি আহিছে বুলি ক্ষোভত ফাটি পৰে প্ৰতিবাদকাৰী ৰাইজ। আনহাতে দাবী সমূহ বিধানসভা নিৰ্বাচনৰ আগতে পূৰণ নকৰিলে ৰাইজে ভোট বৰ্জন কৰিব বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি