ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ বৃহৎ সাফল্য, বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ নগদ ৫ লক্ষাধিক টকা জব্দ

ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ বৃহৎ সাফল্য, বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ নগদ ৫ লক্ষাধিক টকা জব্দ

ডিজিটেল সংবাদ, লখিমপুৰঃ যোৱা কেইবছৰ মানৰ পৰা নিষিদ্ধ ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় ঠন ধৰি উঠিছে লখিমপুৰত৷ পশ্চিমবংগ , নাগালেণ্ড, মণিপুৰ হৈ লখিমপুৰৰ মাজেৰে অৰুণাচল প্ৰদেশলৈ ড্ৰাগছৰ ৰমৰমীয়া বেহা গঢ়ি তোলে এক অসাধু চক্ৰই ৷ অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱাক ড্ৰাগছৰ হাব হিচাবে লৈ চক্ৰটোৱে এক বৃহৎ ব্যৱসায় আৰম্ভ কৰিছিল ৷ যুৱ প্ৰজন্মক লক্ষ্য হিচাবে হৈ মুলত নিষিদ্ধ ড্ৰাগছৰ বজাৰ খনে ঠন ধৰি উঠিছিল ৷

বিভিন্ন ধৰণৰ নিচাযুক্ত টেবলেট , হেৰ'ইন , কোকেইন , ব্ৰাউন চুগাৰ , কফ চিৰাপ আদি আৰক্ষীৰ চকুত ধূলি দি গোপনে সৰবৰাহ হৈছিল অৰুণাচল প্ৰদেশলৈ ৷ অসমীয়া প্ৰতিদিনৰ হাতত পৰা তথ্য অনুসৰি কেইবাগৰাকীও কুখ্যাত ডকাইত ড্ৰাগছ মাফিয়া ৰূপত অৱতীৰ্ণ হৈ ড্ৰাগছৰ ৰমৰমীয়া বজাৰ গঢ়ি তুলি যুৱ প্ৰজন্মক পংগুত্বৰ দিশে আগবঢ়াইছিল ৷

লক্ষণীয়ভাৱে এই বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰটো শেহতীয়াকৈ আৰক্ষীৰ হাতত ধৰা পৰিছে ৷ গোপন সূত্ৰৰ পম খেদি লখিমপুৰ আৰক্ষীয়ে ড্ৰাগছ বিক্ৰী আৰু সৰবৰাহৰ লগত জড়িত মুঠ ৭০ জন লোকক জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা যোৱা ডেৰ মাহত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ যোৱা ৩ মে'ৰ পৰা আৰম্ভ হোৱা এই ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব দিয়ে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগুৱে ৷

আৰক্ষী বিষয়া গৰাকীক সহযোগ কৰে আৰক্ষীৰ উপ পৰিদৰ্শক অভিলেখ তালুকদাৰ আৰু কনিষ্টবল জানমণি হাজৰিকাই ৷ অভিযান কালত আৰক্ষীৰ দলটোৱে বিভিন্ন সময়ত গাঞ্জা , কডেইন চিৰাপ ,নিচাযুক্ত টেবলেট ,হেৰ'ইন ,কন্টেইনাৰ আদি জব্দ কৰে ৷উল্লেখ্য যে যোৱা ৩ মে'ত আৰক্ষীয়ে বান্দৰদেৱাৰ পাৰ্বতী পুৰৰ পৰা জীতেন বিশ্বাস নামৰ কুখ্যাত ড্ৰাগছ মাফিয়া এজনক আটক কৰে ডাষ্টান গ' বাহনৰ সৈতে ৷ড্ৰাগছ মাফিয়া জনৰ পৰা হাতে লোটে ৯ গ্ৰাম হেৰ'ইন জব্দ কৰে আঢ়ৈ লাখ টকা সহ ৷ পিছলৈ একে স্হানৰ পৰা ৰাকেশ পেগুৰ পৰা ১২.৭ গ্ৰাম হিৰ'ইন আৰু নগদ ৮৫ হাজাৰ টকা আৰু যোৱা শণিবাৰে হিৰণ্য দলে নামৰ আন এজনৰ পৰা তিনিশ টা নিচাযুক্ত টেবলেট আৰু নগদ ৮৭ হাজাৰ টকা জব্দ কৰে ৷

সেইদৰে মুনু দলে ,ওখলতা দলে ,নীপন দাস ,শোভাগন দাস আদি সত্তৰ জন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে ৷ জুন মাহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান কালত মুঠ ১৪ জন ড্ৰাগছ সৰবৰাহকাৰী আটক হয় ৷ ইয়াৰে ১১ জন অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰণৱ পেগুৱে৷আটক কৰিবলৈ সক্ষম হয় ৷ স্মৰ্ত্তব্য যে অভিযানকালত আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ পৰা প্ৰায় ৫.৫ লাখ টকা জব্দ কৰে ৷ যি সময়ত বৰবিহ ড্ৰাগছৰ প্ৰচলন সমাজত সামাজিক ব্যাধিত পৰিণত হৈছে ,এচাম যুৱকক পংগুত্ব উপহাৰ দিছে সেই সময়ত লখিমপুৰ আৰক্ষীৰ বৰবিহ ড্ৰাগছ বিৰোধী পদক্ষেপক জিলাবাসীয়ে শলাগ লৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in