লখিমপুৰত আৰক্ষীক আক্ৰমণ কৰা মহিলাক বিচাৰি আৰক্ষীৰ অভিযান

লখিমপুৰত আৰক্ষীক আক্ৰমণ কৰা মহিলাক বিচাৰি আৰক্ষীৰ অভিযান
  • লখিমপুৰত আৰক্ষীক আক্ৰমণ কৰা মহিলাক বিচাৰি আৰক্ষীৰ অভিযান।
  • অভিযানত মহিলাসহ পাঁচ জনক আটক কৰিবলৈ সক্ষম আৰক্ষী।
  • লখিমপুৰৰ বালিটিকা কোঁৱৰপুৰত আৰক্ষীৰ সন্মূখৰ পৰাই মহিলাৰ দলে পলুৱাই নিছিল আচামীক।
  • নকল সোণ সৰবৰাহত জড়িতৰ অভিযোগত হবিবুৰ ৰহমান নামৰ এজন লোকক আটক কৰিছিল আৰক্ষীয়ে।
  • দলহাট আৰক্ষীৰ সন্মুখৰ পৰাই মহিলাৰ দলটোৱে পলুৱাই নিছিল প্ৰবঞ্চকটোক।
  • প্ৰবঞ্চকটোক আটক কৰাৰ পিছতে একাংশ মহিলাই আক্ৰমণ কৰে আৰক্ষীৰ দলক।
  • মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় নৱজিত্‍ শইকীয়া নামৰ এজন গৃহৰক্ষী জোৱান।
  • বৰ্তমান লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন গৃহৰক্ষী জোৱানজন।
  • লালুক, বঙালমৰা, নাওবৈচা আদি অঞ্চলত আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান।
  • পলাতক নকল সোণ ব্যৱসায়ী হবিবুৰৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in