লিখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড! চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কিশোৰক…

লিখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড! চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কিশোৰক…

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ হেঁচামৰা চাপৰিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। শনিবাৰে নিশা নিজৰ দোকানৰ শুৱাপাতিত চোকা অস্ত্ৰৰে কোনো অচিনাক্ত দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰিলে ১৬ বছৰীয়া কিশোৰক। লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত হেঁচামৰা চাপৰিৰ গৰৈমাৰিত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড। নিহত কিশোৰজন গৰৈমাৰিৰ নিবাসী মজিবুৰ আলিৰ কনিষ্ঠ পুত্ৰ ৰফিকুল আলি বুলি চিনাক্ত কৰা হৈছে।

ঘটনাস্থলিত লখিমপুৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগতে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in