লখিমপুৰত উলংঘন সান্ধ্য আইন…

লখিমপুৰত উলংঘন সান্ধ্য আইন…

ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যৰ কেইখনমান জিলাত কোভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নতুন বিধি-ব্যৱস্থা জাৰি কৰি সেই জিলা কেইখনত কোভিড বিধি পালনৰ ক্ষেত্ৰত কিছু পৰিমাণে শিথিলতা প্ৰদান কৰিছে৷ কামৰূপ মহানগৰ, মাজুলীকে ধৰি কেইবাখনো জিলাত সান্ধ্য আইন শিথিল কৰি জনসাধাৰণৰ সুবিধাৰ্থে নতুন বিধি-ব্যৱস্থা প্ৰেৰণ কৰিছে৷ কাৰণ যোৱা দুটা সপ্তাহত সেই জিলাসমূহত কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পায় আন জিলাৰ তুলনাত৷ ইয়াৰ বিপৰীতে উত্তৰ অসমৰ লখিমপুৰ জিলাত আজি পৰ্যন্ত কোভিড বিধি-ব্যৱস্থাপনা কটকটীয়া ৰূপত বলবৎ হৈ আছে৷

কিন্তু কাগজে-কলমে অতি কটকটীয়া ৰূপত কোভিড বিধি-ব্যৱস্থাপনা থকা জিলাখনত ব্যৱহাৰিকভাৱে কাৰ্যক্ষেত্ৰত এইসমূহ বিধি-ব্যৱস্থাপনা বলবৎ হোৱা দেখিবলৈ পোৱা হোৱা নাই৷ যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে জিলাখনত জনতাই ক'ভিড বিধি ভংগ কৰি আহিছে৷ পুৱা ৬ বজাৰ পৰা ১২ বজালৈ হাট-বজাৰ খোলা সময়ত চহৰেই হওক বা গ্ৰামাঞ্চলেই হওঁক ক'তো সামাজিক দূৰত্ব বৰ্তাই নাৰাখে, মুখত মাস্ক নিপিন্ধে জনসাধাৰণে৷ এই সময়ছোৱাত যোৱা এটা পষেক ধৰি হাট-বজাৰ, চহৰাঞ্চল আদিত ক'ভিড বিধি ভংগ কৰা জনসাধাৰণৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হয়৷ লক্ষণীয় ভাৱে কোভিড বিধি ভংগকাৰীসকলক ৰাজ্য চৰকাৰৰ কোভিড বিধি সোঁৱৰাই দিবলৈ আৰক্ষীৰ অভাৱ পৰিলক্ষিত হয়৷

আনকি লখিমপুৰ চহৰত কেইজনমান যান-বাহন আৰক্ষীৰ জোৱানৰ বাদে চহৰৰ ব্যস্তময় পৰিবেশত জনসাধাৰণক নিয়ন্ত্ৰণ কৰিবলৈ খাকী পোছাক ধাৰী আৰক্ষীৰ অভাৱ ঘটে৷ স্মৰ্তব্য যে, এটা পষেক পূৰ্বে লখিমপুৰত অতি কটকটীয়াভাৱে লখিমপুৰ আৰক্ষীয়ে জনসাধাৰণক কোভিড বিধি মানি চলাত সহযোগিতা আগবঢ়াইছিল৷ ৰহস্যজনক কাৰণত যোৱা এটা পষেকত লখিমপুৰ চহৰত ব্যাপকভাৱে ক'ভিড বিধি ভংগ কৰাৰ ঘটনা 'অসমীয়া প্ৰতিদিন'য়ে প্ৰত্যক্ষ কৰে৷ পূৰ্বে এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনে বিস্তৃত প্ৰতিবেদন আগবঢ়াইছিল যদিও লখিমপুৰ প্ৰশাসনেই হওঁক বা আৰক্ষী প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নগ'ল৷

আৰক্ষী আৰু জিলা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ লোকে ধাৰাবাহিক ভাৱে নিতৌ লখিমপুৰ চহৰত কোভিড বিধি ভংগ কৰে৷ লক্ষণীয়ভাৱে, কোভিড বিধি ভংগ কৰা লোকসকলৰ ওপৰত লখিমপুৰ আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে৷ বিপজ্জনক কথাটো হ'ল যে, লখিমপুৰ জিলাত আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে চৰকাৰৰ এছ অ' পি মতে৷ কিন্তু জিলাখনৰ সীমান্তত থকা আৰক্ষী পৰিদৰ্শন চকীসমূহৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ অনায়াসে আন জিলাৰ লোকসকলে লখিমপুৰলৈ আন্তঃজিলা যাতায়াত অব্যাহত ৰাখিছে৷ লখিমপুৰ-ধেমাজি সীমান্তৰ থেকেৰাগুৰি, লখিমপুৰ-বিশ্বনাথ সীমান্তৰ হাৱাজান অথবা লখিমপুৰ-মাজুলী সীমান্তৰ সোণাৰি চাপৰিত আন্তঃজিলা যাতায়াত কৰা লোকসকলৰ বিৰুদ্ধে সজাগ হোৱা নাই আৰক্ষী প্ৰশাসন৷

কেৱল সেয়াই নহয়, সান্ধ্য আইন ভংগ কৰি নিতৌ সন্ধিয়া ৫ বজাৰ পৰা ৮ বজালৈ ভয়াৱহতাৰ সৃষ্টি কৰি জাকে জাকে লোক লখিমপুৰ চহৰত সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে৷ আনকি সন্তানক লৈও ৰাজপথত সান্ধ্য ভ্ৰমণ কৰা দৃশ্য সুলভ হৈ পৰে৷ এইসকল সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হোৱা নাই৷ এই সন্দৰ্ভত কৰ্তব্যৰত আৰক্ষীৰ সৈতে অসমীয়া প্ৰতিদিনৰ বাৰ্তালাপত এটা কথা স্পষ্ট হয়, আৰক্ষী অধীক্ষকৰ ফালৰ পৰা সান্ধ্য আইন ভংগ কৰা বা কোভিড বিধি উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হোৱা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত পিচবেলা লখিমপুৰ চহৰত ব্যাপক জনসমাগম পৰিলক্ষিত হয়৷

নিয়ম মতে মাস্ক নিপিন্ধা, সামাজিক দূৰত্ব মানি নচলা বা সান্ধ্য আইন ভংগ কৰা লোক সকলক আৰক্ষীয়ে জৰিমনা বিহিব লাগে৷ কিন্তু শীৰ্ষ আৰক্ষীৰ দুৰ্বলতাৰ বাবে এইক্ষেত্ৰত দেখিও নেদেখাৰ ভাও জুৰিব লগা হৈছে কৰ্তব্যৰত আৰক্ষীয়ে৷ আৰক্ষী অধীক্ষকৰ নিৰ্লিপ্ততাৰ সুযোগ লৈছে একাংশ লোকে৷ যোৱা সোমবাৰ, মঙলবাৰ আৰু বুধবাৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেলে লখিমপুৰ চহৰত চলোৱা এক চৰজমিন পৰ্যবেক্ষণত চহৰখনত পৰ্যাপ্ত খাকী পোছাকধাৰী আৰক্ষীৰ উপস্থিতিৰ অভাৱ অনুভৱ কৰে৷ আজিৰ দিনটোত বিয়লি চাৰি বজাৰ পৰা সাত বজালৈ লখিমপুৰ চহৰৰ ক'ৰ্ট তিনিআলিত পাঁচজন যান-বাহন আৰক্ষী, তিনিজন খাকী পোছাকৰ আৰক্ষী, মালপানী চাৰিআলিত এজন যান-বাহন আৰক্ষী, গাৰ্লছ ৰোড চাৰিআলিত এজন যান-বাহন আৰক্ষী, খেলমাটিত পাঁচজন যান-বাহন আৰক্ষী আৰু শনি মন্দিৰৰ সমীপত এজন যান-বাহন আৰক্ষীৰ বিপৰীতে চাৰিজন খাকী পোছাকধাৰী আৰক্ষী প্ৰত্যক্ষ কৰা হয়৷

এইসকল আৰক্ষীৰ সন্মুখেৰেই চহৰখনত খোজ কাঢ়ি, চাইকেলেৰে, মটৰ চাইকলেৰে অনেক লোক পাৰ হৈ যায়৷ চহৰখনত প্ৰতি পাঁচ মিনিটৰ বিপৰীতে বিশখনকৈ সৰু-বৰ যান-বাহন চলাচল প্ৰত্যক্ষ কৰা হয়৷ এই লোকসকল বান যান-বাহনসমূহ কি উদ্দেশ্যত ওলাই আহিছে সেই কথা সুধিবলৈও লখিমপুৰ আৰক্ষীৰ আহৰি নাই৷ উল্লেখ্য যে, চহৰখনত অসম আৰক্ষীৰ লগতে আই টি বি পি জোৱান, চি আৰ পি এফ আৰু অসম আৰক্ষী বেটেলিয়ন সকলকো নিয়োগ কৰা হৈছে৷ লক্ষণীয় ভাৱে, এইসকল কৰ্তব্যৰত আৰক্ষীয়ে আইন ভংগকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ইয়াৰ বিপৰীতে চহৰখনত সান্ধ্যআইনৰ সময়ত অলিয়ে গলিয়ে জুৱা, তীৰ খেল আদিয়ে গা কৰি উঠা পৰিলক্ষিত হৈছে৷

পৰিতাপৰ কথা যে, খেলমাটি আৰক্ষী চকীৰ নিচেই সমীপত শ্ৰীৰাম হোটেলৰ সন্মুখত যোৱা কেইবাদিনো ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত একাংশ লোকে জুৱা খেলি থকাৰ দৃশ্য সুলভ হৈছে৷ আৰক্ষীৰ সন্মুখতে এই লোকসকলে সান্ধ্য আইনৰ সময়ত জুৱা খেলা দৃশ্যটো দৃষ্টিকটুভাৱে জনচক্ষুত উপস্থাপন হয়৷ খেলমাটি আৰক্ষীয়ে দেখিও নেদেখাৰ ভাও জুৰা পৰিলক্ষিত হয়৷ এনেবোৰ ঘটনাই প্ৰকট কৰে যে, লখিমপুৰ আৰক্ষী প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবে লখিমপুৰত এক বিশৃংখল পৰিবেশৰ সূচনা হৈছে সান্ধ্যআইনৰ সময়ত৷ বৰ্তমানেও লখিমপুৰত ৯৮৫ গৰাকী লোক ক'ভিড আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে৷ জিলাখনত আক্ৰান্তৰ হাৰ এতিয়াও তিনি শতাংশৰ ওপৰত৷

নিতৌ শতাধিক লোক কোভিডত আক্ৰান্ত হৈ আছে৷ এনে প্ৰেক্ষাপটত জনসাধাৰণে ক'ভিড বিধি মানি চলাত লখিমপুৰ জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন যিমান সষ্টম হ'ব লাগিছিল সিমান সষ্টম হোৱা নাই৷ আৰক্ষীৰ এই দুৰ্বলতাক লৈ সামাজিক মাধ্যমতো বহু লোক সৰব হৈছে৷ আচলতে লখিমপুৰত আৰক্ষীৰ অস্তিত্বক লৈ জনসাধাৰণৰ প্ৰশ্ন উদয় হৈছে৷ কিয়নো জিলাখনত ধাৰাবাহিকভাৱে ভংগ হৈছে কোভিড বিধি৷ সকলো দেখিও একো নেদেখাৰ ভাওত লখিমপুৰ আৰক্ষী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in