লখিমপুৰ জিলাত ১৪৪ ধাৰা বলবৎ…

লখিমপুৰ জিলাত ১৪৪ ধাৰা বলবৎ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: অতিমাৰী কোৰোনাৰ দ্বিতীয় ঢৌৱে লখিমপুৰ জিলাতো ভয়ানক ৰূপ লোৱাৰ আশংকা কৰা হৈছে। জিলাখনৰ সদৰৰ এখন প্ৰতিষ্ঠিত হোটেল, বগীনদী, ঢলপুৰ, নাৰায়নপুৰ , চাউলধোৱা , আনন্দ বাগান আদি বিভিন্ন স্থানত কোৰোনাৰ উদ্বেগজনক সংক্ৰমণৰ পাছত শনিবাৰে লখিমপুৰ জিলা দণ্ডাধীশ তথা উপায়ুক্ত খৰ্গেশ্বৰ পেগুৱে সমগ্ৰ জিলাখনত বলবৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে।

কোৰোনাৰ ব্যাপক গণ সংক্ৰমণ প্ৰতিৰোধৰ বাবে উপায়ুক্ত পেগুৱে জাৰি কৰা এই নিৰ্দেশনাটোত সকলো ৰাজহুৱা ,ব্যক্তিগত স্থান, ব্যৱসায়ীক অনুষ্ঠান- প্ৰতিষ্ঠান, চৰকাৰী -বেচৰকাৰী কাৰ্যালয়, ব্যক্তিগত- বাণিজ্যিক পৰিবহন আদিত মুখবন্ধনী ( মাস্ক) ব্যৱহাৰ বাধ্যতামূলক কৰিছে। তাৰোপৰি সকলোবোৰ ৰাজহুৱা স্থান আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত "থাাৰ্মেল স্কেনিং" বাধ্যতামূলক কৰি "হেণ্ড চেনিটাইজাৰ" , হাত ধোৱা ব্যৱস্থা উপলব্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

লগতে ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা কাৰ্যবৰণ কৰি এনেবোৰ প্ৰতিৰোধমূলক ব্যৱস্থা উলংঘাকাৰী ব্যক্তিৰ ওপৰত দুৰ্যোগ প্ৰসমন আইনৰ আধাৰত কঠোৰ আইনগত শাস্তি বিহাৰ অন্তিম সকীয়নি প্ৰদান কৰিছে নিৰ্দেশনাটোত। উল্লেখযোগ্য যে, শনিবাৰে জিলাখনৰ বগীনদী স্বাস্থ্য খণ্ডৰ দুই গৰাকীৰ দেহত, ঢলপুৰ স্বাস্থ্য খণ্ডৰ এগৰাকীৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰিছে। আটাই কেইগৰাকীকে গৃহ পৃথকীকৰণ ব্যৱস্থাত ৰাখিছে স্বাস্হ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in