লখিমপুৰত জলসম্পদ মন্ত্ৰীক বান সমস্যা সমাধানৰ দাবীত অসমীয়া যুৱ মঞ্চৰ স্মাৰক পত্ৰ

লখিমপুৰত জলসম্পদ মন্ত্ৰীক বান সমস্যা সমাধানৰ দাবীত অসমীয়া যুৱ মঞ্চৰ স্মাৰক পত্ৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশব মহন্তক শুকুৰবাৰে লখিমপুৰ জিলা ভ্ৰমণকালত অসমীয়া যুৱ মঞ্চৰ জিলা সমিতিয়ে বান সমস্যা সমাধানৰ দাবীৰে এখনি স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট কৰে সংগঠনটোৱে।

মঞ্চৰ উপদেষ্টা অনুপম শইকীয়াৰ নেতৃত্বত এটি সঁজাতি দলে প্ৰদান কৰা স্মাৰকপত্ৰত উত্থাপন কৰা বিষয়সমূহ হ'ল, লখিমপুৰ জিলাবাসীৰ চকুলো স্বৰূপ শিঙৰা নদীৰ দুয়োপাৰৰ মথাউৰি স্থায়ী আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মাণ আৰু বক্ষ খননৰ ব্যৱস্থা কৰা, ৰঙানদীৰ এফ এম পি আঁচনিত প্ৰায় ৩৬২ কোটি টকা ব্যয়ৰে নিৰ্মীয়মান দুয়োপাৰৰ মথাউৰিত শীঘ্ৰে জিঅ'মেট পৰাৰ কাম সম্পূৰ্ণ কৰা, দূর্গামন্দিৰৰ সমীপৰ ৰঙানদী মথাউৰিৰ মাটিৰ কাম শীঘ্ৰে সম্পন্ন কৰা, ৰূপহীজানৰ গাইড্ বান্ধটো সম্পূৰ্ণ নিৰ্মাণ কৰা আৰু ডিজু চাহ বাগিচাক সুৰক্ষা দিয়াৰ নামত ৰঙানদীৰ সোঁপাৰে বান্ধ নিৰ্মাণ কৰি বাঁওপাৰৰ মথাউৰিটোৰ দিশে নদীখনক ঠেলি দিয়াৰ দৰে বিধ্বংসী কাৰ্য বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰযোগে সংগঠনটোৱে দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in