নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত…

নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত…

ডিজিটেল সংবাদ, লখিমপুৰঃ কোৰোনা মহামাৰী মাজতে ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰলৈ আশাৰ ৰেঙণি কঢ়িয়াইছে নিৰ্মীয়মান অৱস্থাত থকা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে ৷উত্তৰ পাৰৰ ৰাইজৰ বহু আকাংক্ষিত এই চিকিৎসা মহাবিদ্যালয় খন অহা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত শুভাৰম্ভ হ'ব ৷ স্বাস্থ্য শিক্ষা সঞ্চালকৰ তত্বাৱধানত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰায় ৭০ ৰ পৰা ৮০% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে ৷

গৌতম কনষ্ট্ৰাকশ্বন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰশাসনীয় ভৱন ,হোষ্টেল ,ষ্টাফ কোৱাৰ্টাৰ , চিকিৎসালয় আদিৰ নিৰ্মাণ কাৰ্যৰ টাৰ্গেট মতে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে ৷ লখিমপুৰ জিলা উপায়ুক্ত তথা চিকিৎসালয় খনৰ নিৰ্মাণ সমিতিৰ সভাপতি ডা° জীৱন বিয়ে এই প্ৰতিবেদকক জনোৱা মতে অহা ১৫ নৱেম্বৰৰ ভিতৰত চিকিৎসালয় খন সম্পূৰ্ণ কৰিবলৈ প্ৰায় বোৰ যাবতীয় ব্যৱস্থাপনা সম্পূৰ্ণ হ'ব ৷

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ( খ) অথাৎ হেল্থ বি এ চিকিৎসালয় খনৰ নিৰ্মাণৰ বিষয়টো চোৱা চিতা কৰিছে ৷ বিভাগীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডেডলাইন ৩০ নৱেম্বৰৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা মহাবিদ্যালয় খনৰ আভ্যন্তৰীণ কাম কাজো বহু পৰিমাণে আগুৱাই নিয়া হৈছে ৷ ইতিমধ্যে অধীক্ষক হিচাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° ৰমেন তালুকদাৰক অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে ৷ নিৰ্ধাৰিত সময়তে শুভাৰম্ভ হ'ব চিকিৎসা মহাবিদ্যালয় খনৰ হাস্পতালৰ ৷

ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে এম চি এইচ ভৱনৰ ,অথাৎ মাতৃ আৰু শিশু চিকিৎসালয়ৰ ৷ চিকিৎসা মহাবিদ্যালয়খনৰ বাবে প্ৰয়োজনীয় সকলো স্তৰৰ পদ সমূহত মকৰলৰ বাবে ইতিমধ্যেই বিজ্ঞাপন প্ৰকাশ কৰি নিয়োগৰ ব্যৱস্থা কৰিছে চিকিৎসা শিক্ষা সঞ্চালকে ৷ সেই অনুসৰি নিযুক্তি দিয়া হ'ল ২০১ এগৰাকী বি এচ চি (জি এন এম ) নাৰ্চক ৷ ১৬৪ গৰাকী চিকিৎসকৰ নিযুক্তিৰ বাবে অনুমোদন জনোৱা হৈছে ৷

সেই সকলৰ ভিতৰত আছে অধ্যাপক আৰু সহযোগী অধ্যাপক ৷ লেবৰেটৰী আৰু আই চি ইউৰ ১০০ গৰাকী টেকনিচিয়ান নিযুক্তিৰ বাবে অনলাইন সাক্ষাৎকাৰ অনুষ্ঠিত হৈছে ৷ আই চি ইউ , এম আৰ আই ,চি টি স্কেন আদিৰ লগতে অস্ত্ৰোপচাৰ কক্ষৰ প্ৰায়বোৰ সামগ্ৰী মজুত আছে ৷ এক বিশেষ সুত্ৰই জানিবলৈ দিয়া মতে ২৬ টা আই চি ইউ সংস্হাপনৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত মজুত কৰি ৰখা হৈছে ৷

উল্লেখ্য যে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ যোজনা ২০১১চনৰ ২৩ ফ্ৰেব্ৰুৱাৰীতে লোৱা হৈছিল ৷ তিনিশ কোটিৰো অধিক পুঁজি ব্যয় হোৱা চিকিৎসা মহাবিদ্যালয় খনৰ নিৰ্মাণ সম্পূৰ্ণ হবলৈ সময়ৰ প্ৰয়োজন হৈছে ন বছৰৰো অধিক ৷ ২০১৭ চনৰ পৰাহে নিৰ্মাণ কাৰ্যই গতিশীলতা লাভ কৰিছে ৷ ১৫৪ বিঘা ভুমি সামৰি নিৰ্মাণ কৰা হৈছে প্ৰায় পাঁচ শ খন বিচনাযুক্ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in