লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ…

লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ…

ডিজিটেল সংবাদ, লালুকঃ ৰাজ্যৰ বন্যাৰ্তৰ মাজত চৰকাৰীভাৱে বিতৰণ কৰা বান সাহাৰ্য যথেষ্ট নোহোৱাৰ অভিযোগ তুলি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে লালুকত বান সাহাৰ্য বিতৰণ কৰা হয়৷

লালুক তৰাজুলি গাওঁত বানপীড়িত এশটা পৰিয়ালক লখিমপুৰ জিলা অবিচি মৰ্চাৰ উদ্যোগত দীপশিখা আত্মসহায়ক গোটৰ সহযোগত বিশেষকৈ মৰ্চাৰ সম্পাদক ৰাতুল শইকীয়াৰ উদ্যোগত পাঁচ কেজি চাউল, এপোৱা মচুৰ ডালি, তিনি কেজি আলু, আধা লিটাৰ মিঠা তেল আৰু নিমখ এক কেজিকৈ সকলোকে বিতৰন কৰা হয়।

এই অনুষ্ঠানত জিলা সাধাৰন সম্পাদক শান্তনু বুঢ়াগোহাঁই, অ.বি.চি. মৰ্চাৰ সভাপতি ডিম্বেশ্বৰ গগৈ, নিজ লালুক পঞ্চায়ত সভানেত্ৰী শৰ্মিলা দাস পাল,বিজেপে যুৱ মৰ্চাৰ সভাপতি মনোজ বৰুৱা আদি কৰি লালুকৰ বহুতো বিজেপি কাৰ্যকৰ্তা উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in