উত্তৰ অসমত পথাৰ পৰ্যটনৰ সম্ভাৱনীয়তাঃ ধানৰ জিন বেংক হিচাবে পৰিগণিত লখিমপুৰ, বিলুপ্তপ্ৰায় ২৫০ বিধ থলুৱা ধানৰ সংৰক্ষণ…

উত্তৰ অসমত পথাৰ পৰ্যটনৰ সম্ভাৱনীয়তাঃ ধানৰ জিন বেংক হিচাবে পৰিগণিত লখিমপুৰ, বিলুপ্তপ্ৰায় ২৫০ বিধ থলুৱা ধানৰ সংৰক্ষণ…

ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যত পৰ্যটনৰ মূল আকৰ্ষণ ধাননি পথাৰ ৷ বানে উপচি পৰা পথাৰ ,সেউজীয়া আৰু সোনোৱালী ধাননি খনে পৰ্যটকক আকৰ্ষণ কৰিব পাৰে ৷ যি সময়ত ৰাজ্যৰ পৰ্যটন বিভাগে অভিনেত্ৰী আৰু কলা কুশলীৰ লগত ৰাজকোষৰ ধন ব্যয় পৰি বিদেশত ৰোড শ্ব কৰি ৰাজ্যলৈ পৰ্যটকক নিমন্ত্ৰণ জনাব লগীয়া সেই সময়ত ৰাজ্যৰ ধাননি পথাৰক লৈ পৰ্যটনৰ সম্ভাৱনা প্ৰকট হৈছে ৷ পথাৰ আৰু কৃষি জীৱ বৈচিত্ৰ্যতা পৰ্যটনৰ উপাদান ৷ অসমৰ ধাননি সেউজীয়া আৰু সোনোৱালী নাইবা বানত বুৰা পথাৰে পৰ্যটকক আকৰ্ষণ কৰিব ৷

বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিশ্বনাথ ,লখিমপুৰ ধেমাজিৰ আৰু মাজুলীৰ পথাৰত কৃষি জীৱ বৈচিত্ৰ্যতা আছে ৷ এই অঞ্চলৰ পথাৰে পৰিৱেশ অনুকূল পৰ্যটনৰ স্বাক্ষৰ বহন কৰিছে ৷ এই কথা লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড°প্ৰৱাল শইকীয়া আৰু জ্যেষ্ঠ বিজ্ঞানী ড ধীৰেন চৌধুৰীৰ ৷ বিজ্ঞানী দুজনৰ মতে অসমৰ কৃষকৰ পথাৰ খন মূল উপাদান পৰ্যটনৰ ৷পথাৰৰ জীৱ বৈচিত্ৰ্যতাই পৰঁযটকক আকৰ্ষণ কৰিছে ৷

বাৰিষাৰ এবুকু বানত বুৰ যোৱা বাওধানৰ পথাৰ , আহিন ,কাতি মাহৰ গেঁৰ ধৰা ধাননি আৰু আঘোণৰ সোনোৱালী পথাৰ খনৰ প্ৰেমত পৰে পৰ্যটক ৷ মাজুলীৰ পথাৰ পৰ্যটনে হাত বাউলি মাতে পৰ্যটকক ৷ সেয়ে কৃষকক সহায় সহযোগেৰে সৱল কৰি পথাৰ পৰ্যটনৰ উপযুক্ত কৰি চৰকাৰে পথাৰ পৰ্যটন গঢ় দিব লাগে ৷

উল্লেখ্য যে কৃষকৰ ধাননিত বিভিন্ন সময়ত আলংকাৰিক আৰু দুস্প্ৰাপ্য প্ৰজাতিৰ পতংগ আৰু পক্ষীৰ আগমণ ঘটে ৷ আনহাতে ক'লা ,ঈষৎ হালধীয়া ,বাদাম ৰঙী আৰু সোনালী ধানে এক নান্দনিক মনোমোহা দৃশ্যৰ উপহাৰ দিয়ে ৷ কিন্তু বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে কৃষকৰ পথাৰ খনতো প্ৰভাৱ পৰিছে ৷ এসময়ত ৰাজ্যত উপলব্ধ প্ৰায় ২৫০ বিধ থলুৱা জাতৰ ধান ক্ৰমশ ঃ লুপ্ত হবলৈ ধৰিছে ৷ বাওলা বাও ,অমনা ,নেঘেৰী বাও ,মাগুৰী ,বিৰিয়া ভঙা ,কোলাহালি ,আম পাখি ,গুদু মণি ,বৰা জহা ,ভাৱলী জহা , সোৱাগ মণি ,শল পোণা আদি প্ৰায় ২৫০ বিধ থলুৱা জাতৰ ধান বিলুপ্তিৰ পথত ৷ তাৰ ঠাইত ৰঞ্জিত ,বাহাদুৰ ,কনকলতা ,বাসন্তী ,চক্ৰেটিছ আদি অধিক উৎপাদন ক্ষম ধানে কৃষকৰ পথাৰ উপচি পৰিছে ৷স্মৰ্তব্য যে এই সমূহ ধানৰ ৰোগ প্ৰতিৰোধ ,বান পানীৰ লগত সহৱস্থান আৰু পতংগ প্ৰতিৰোধী ক্ষমতা কম ৷

ইয়াৰ বিপৰীতে ৰাজ্যৰ পৰম্পৰাগত ধানৰ জাত সমূহৰ উৎপাদন কম হলেও ৰোগ প্ৰতিৰোধ ,চৰহা পোক প্ৰতিৰোধ আৰু অন্যান্য কীট পতংগৰ আক্ৰমণ প্ৰতিৰোধী ক্ষমতা বেছি ৷ সেয়ে উত্তৰ লখিমপুৰ কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰই অসম কৃষি বিশ্ব বিদ্যালয়ৰ উদ্যোগত মুখ্য বিজ্ঞানী ড° প্ৰৱাল শইকীয়া আৰু জ্যেষ্ঠ বিজ্ঞানী ড° ধীৰেন চৌধুৰীৰ যৌথ প্ৰচেষ্টাত দুস্প্ৰাপ্য ধানৰ প্ৰজাতিৰ ২৫০ টা জিন সংৰক্ষণ কৰিছে ৷

এই জিনৰ লগত বিদেশী আৰু থলুৱা অধিক উৎপাদন ক্ষম ধানৰ জীনীয় সংক্ৰমণ ঘটাই নতুন ধানৰ জাত উদ্ভাৱনৰ লক্ষ্য লৈছে ৷ একাৰ্থত এই দুই বিজ্ঞানীৰ নেতৃত্বত লখিমপুৰত গঢ় লৈছে ধানৰ জিন বেংকে৷ লখিমপুৰ পৰিচিত হৈছে ধানৰ জিন বেংক হিচাবে ৷বিজ্ঞানী দুজনৰ মতে পথাৰ পৰ্যটনত এই ধানৰ জিন বেংকৰ অৰিহনা অনস্বীকাৰ্য হ'ব ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in