একবিংশ শতিকাৰ একলব্যঃ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ উজ্বলিছে লখিমপুৰৰ জয়লক্ষী…

একবিংশ শতিকাৰ একলব্যঃ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ উজ্বলিছে লখিমপুৰৰ জয়লক্ষী…

ডিজিটেল সংবাদ, ঢকুৱাখনা: কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ কিম্বা শাৰীৰিক নিৰ্দেশক নোহোৱাকৈ নিজস্র একাগ্ৰতা আৰু সাধনাৰ বলত ইস্পিত স্বীকৃতি আজুৰি আনিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ বৰবিল মিচিং গাঁওৰ এজন প্ৰতিভাধৰ যুৱক। গাঁওখনৰ চহা তৰুণ পাঞাং আৰু ৰীমা পাঞাংৰ পুত্ৰ জয়লক্ষী পাঞাং (১৮) ৰ সৰুৰে পৰা যোগ চৰ্চাৰ প্রতি আছিল অনাবিল দুৰ্বলতা। আৰ্থিক অনগ্ৰসৰতাৰ বাবে প্ৰশিক্ষকৰ সান্নিধ্য লাভ কৰিবলৈ সমৰ্থ নোহোৱা এইগৰাকী যুৱকে মনোবল নেহেৰুৱাই আৰম্ভ কৰিলে নিজা ববীয়া প্ৰচেষ্টাৰে যোগ চর্চাত।

যোগ গ্ৰন্থ কিম্বা ইউটিউবৰ জৰিয়তে শাৰীৰিক নিৰ্দেশনা আৰু যোগ চৰ্চাৰ কলা কৌশলৰ শিক্ষা গ্ৰহণ কৰি জয়লক্ষীয়ে নিয়মীয়া ভাবে আৰম্ভ কৰি দিলে নিজা ঘৰতে যোগভ্যাস কৰাৰ। যোৱা ৫ বছৰ ধৰি নিৰলস ভাবে কোনো ধৰণৰ যোগ গুৰুৰ নিৰ্দেশনা নোহোৱাকৈ নিজৰ ঘৰতে একাগ্ৰ চিত্তে যোগ চৰ্চা অব্যাহত ৰাখি আহিছিল যুৱকজনে। পৰৱৰ্তী সময়ত যোগ শিক্ষাৰ কাৰিকৰী নিৰ্দেশনা আহৰণৰ বাবে যোৱা ২ বছৰ "ইউটিউব" ৰ আশ্ৰয় লৈ নিজকে অভিজ্ঞ শিকাৰু হিচাবে গঢ়ি তুলিবলৈ সক্ষম হয় প্ৰচুৰ প্ৰত্যয়ী যুৱকজন।

আৰ্থিক প্ৰতিবন্ধকতাকো নেওচি নিজকে এগৰাকী স্বয়ং সম্পূৰ্ণ যোগ শিক্ষাৰ্থী হিচাবে আত্ম প্ৰতিষ্ঠা কৰিবলৈ কায় মনো বাক্যে
অনুশীলনত ব্ৰতী হোৱা জয় লক্ষীৰ ইস্পিত ফল অৱশেষত লাভ কৰিবলৈ সক্ষম হল। লখিমপুৰৰ পানী গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ জয়লক্ষীয়ে জনোৱামতে সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বাবে অনলাইন যোগে চলিত বৰ্ষৰ ১৫ মে'ত অনুষ্ঠিত যোগ প্ৰদৰ্শনত "যোগা নিদ্ৰাসন" শিতানত "অসম বুক অব ৰেকৰ্ডছ"ৰ স্বীকৃতি আজুৰি আনিবলৈ সক্ষম হয়। এই "যোগা নিদ্ৰাসন"ত জয়লক্ষীয়ে ২৫ মিনিট সময় এই আসনতে থাকি বিৰল স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হয়।

তাৰোপৰি যুৱকজনে ইয়াৰপূর্বে যোগাসনতে ২০২০ চনৰ ১৩ জুনত অনুষ্ঠিত আমেৰিকান হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ , ২০২০ আৰু ২০২১ চনত ইউ.কে হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছকে ধৰি প্ৰায় ১৩ টা স্বীকৃতি পূৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। একবিংশ শতিকাৰ একলব্য হিচাবে পৰিচিত জয়লক্ষীয়ে কোনো প্ৰশিক্ষকৰ সান্নিধ্য অথবা নিৰ্দেশনা নোহোৱাকৈ নিজস্ব সাধনা আৰু একাগ্ৰতাৰ বাবে ৱৰ্ল্ড ৰেকৰ্ডছৰ বিৰল স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হোৱাটোৱে লখিমপুৰ জিলাবাসীক গৌৰান্বিত কৰি তুলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in