লখিমপুৰত নৃশংস হত্যাকাণ্ড, পত্নীক হত্যা কৰিলে স্বামীয়ে…

লখিমপুৰত নৃশংস হত্যাকাণ্ড, পত্নীক হত্যা কৰিলে স্বামীয়ে…

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ঘটনা ৷মঙলবাৰে নিশা বঙালমৰাৰ ফতেহপুৰত উক্ত ঘটনা সংঘটিত হয়। জামালউদ্দিন নামৰ এজন লোকে পাৰিবাৰিক কন্দলৰ পৰিণতিত নিজ পত্নী নাচিমা বেগমক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে হত্যাকাৰী জামালউদ্দিনৰ শহুৰ নচেদ আলী। আটাইকেইজনক সংকটজনক অৱস্থাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে। হত্যাকাৰী জামাল উদ্দিনক গ্ৰেপ্তাৰ কৰি বঙালমৰা আৰক্ষীয়ে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰে ৷

দীৰ্ঘদিন ধৰি পাৰিবাৰিক কন্দলৰ বাবে পত্নী নাচিমা বেগম ফতেহপুৰৰ পিতৃগৃহত আছিল ৷মঙলবাৰে
নিশা পত্নীক নিবলৈ উপস্থিত হোৱা জামালৰ সৈতে কথাৰ কটাকটি হোৱাত খঙত এই ঘটনা সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in