নিৰ্বিকাৰ জলসম্পদ বিভাগ, দোৰপাং কুঁৱেৰীৰ অবৈধ বালি খননে বিপদ মাতিছে নৈ পৰীয়ালৈ

নিৰ্বিকাৰ জলসম্পদ বিভাগ, দোৰপাং কুঁৱেৰীৰ অবৈধ বালি খননে বিপদ মাতিছে নৈ পৰীয়ালৈ

নিৰ্বিকাৰ জলসম্পদ বিভাগ, দোৰপাং কুঁৱেৰীৰ অবৈধ বালি খননে বিপদ মাতিছে নৈ পৰীয়ালৈ

ডিজিটেল সংবাদ, বান্দৰদেৱা : সমাগত বাৰিষা, বাৰিষাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰায়বোৰ জিলা বানৰ কৱলত পৰে ।সোয়ে  বাৰিষা এই দিনকেইটাত নৈ পৰীয়া ৰাইজে উজাগৰি নিশা কটাবলৈ বাধ্য হয়।তীব্ৰ গৰা খহনীয়াৰ বাবে জীয়াতু ভোগা ৰাইজে বাৰে বাৰে চৰকাৰক কাতৰ আহ্বান কৰিও বহু লোকে আজিও সুফল লাভ কৰা নাই। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় লখিমপুৰ জিলা। এইখন এখন দলং।দলংখনৰ এফালে নদীবক্ষত খনন আৰু আনফালে নদীৰ তীব্ৰ খহনীয়া। নিয়মিত ৰূপত বুলড'জাৰ লগাই নদীবক্ষত  অব্যাহত থকা বালি খননৰ ফলশ্ৰুতিত নদীখনে সৃষ্টি কৰা তীব্ৰ খহনীয়াৰ ফলত এতিয়া আতংকত দিন কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। লখিমপুৰ জিলাৰ ভোগপুৰ চাৰিআলিৰ সমীপৰ দোৰপাং ভৰলাপাৰত আৰম্ভ হৈছে তীব্ৰ  খহনীয়া ।

ইতিমধ্যে ভৰলাপাৰৰ দিশে নদীখন খহি খহি গাঁও খনৰ কাষ চাপি অহাত গাঁওবাসীয়ে আতংকত দিন কটাব লগীয়া হৈছে। মঙলবাৰে উক্ত স্থান প্ৰত্যক্ষ কৰা ৰাইজে এই খহনীয়াৰ অন্যতম কাৰক হিচাপে দোৰপাং মহলক প্ৰত্যক্ষভাবে দোষী সাব্যস্ত কৰি তীব্ৰভাবে ক্ষোভ প্ৰকাশ কৰে । ৰাইজে হাৰমতী বন বিহপুৰীয়া খণ্ড বন বিষয়া, হাৰমতী আঞ্চলিক বন বিষয়া আৰু জিলা বন বিষয়াক ইয়াৰ বাবে প্ৰত্যক্ষভাবে জগৰীয়া কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে।লএকাংশ ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে দোৰপাং মহলটো বন্ধ কৰি দিয়াৰ বাবে বিহপুৰীয়াৰ বিধায়কৰ কাষ চাপিছিল যদিও একো ফল লাব নকৰিলে।উল্লেখযোগ্য যে ইমানকৈ খহনীয়াত আক্ৰান্ত হৈ থকাৰ পিছতো বিধায়কে আজিলৈকে উক্ত অঞ্চলটো পৰিদৰ্শন কৰা নাই।

জনবসতিপূৰ্ণ এলেকাৰ উপৰিও নদীখনৰ দুয়োপাৰে বিস্তাৰিত কৃষিপথাৰ থকাৰ পিছতো এনেদৰে বালিৰ মহলৰ নিবিদা দি ৰাইজক বিপদৰ মুখলৈ ঠেলি দিয়াৰ বাবে ৰাইজে বন বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰে। দোৰপাং নদীৰ ওপৰত থকা অনিৰুদ্ধ সেঁতুৰ উজনি ফালে যেতিয়ালৈকে এনেদৰে বুলডজাৰ লগাই খনন অব্যাহত থাকিব সিমানেই গড়া খহাই নদীখন ভৰলাপাৰৰ দিশে কাষ চাপি আহিব। ৰাইজে তৎকালীনভাবে এই মহলটো বন্ধ কৰি ৰাইজক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। ৰাইজে ইয়াৰ বাবে জলসম্পদ মন্ত্ৰী, বন মন্ত্ৰী, আৰু মূখ্যমন্ত্ৰী লৈকো লিখিত অভিযোগ প্ৰেৰণৰ দিহা কৰিছে। হাৰমতী বন আঞ্চলিক বিষয়া আৰু জিলা বন বিষয়াক এই বিষয়ত হস্তক্ষেপৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in