লখিমপুৰত হাতী-মানুহৰ সংঘাতঃ ২টা দিনত ২জনৰ লোকৰ মৃত্যু…

লখিমপুৰত হাতী-মানুহৰ সংঘাতঃ ২টা দিনত ২জনৰ লোকৰ মৃত্যু…

ডিজিটেল সংবাদ, লখিমপুৰঃ ক্ৰমশ হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে লখিমপুৰত ৷ যোৱা দুটা দিনত দুজন লোকে বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুক আকোৱালি লব লগীয়া হৈছে ৷ জহিং বাগান এলেকাত ধাৰবাহিক ভাৱে বনৰীয়া হাতীৰ উপদ্ৰৱ ধাননি পথাৰত ৷ পকা ধান খাই তহিলং কৰাৰ ওপৰিও নষ্ট কৰিছে ৷ বুধবাৰে কয়লামাৰীৰ কলিয়নী পথাৰত সাগৰ হাজদা নামৰ এজন ৩৪ বছৰীয়া যুৱকৰ হাতীৰ আক্ৰমণত মৃত্যু হয় ৷

এই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই বৃহস্পতিবাৰে পুনৰ একে ঘনাৰ পুনৰাবৃত্তি ঘটে জহিং আনন্দ পথাৰত ৷ পথাৰৰ টঙি ঘৰত কালি সন্ধিয়া ধান ৰখিবলৈ যোৱা মোহন গড় নামৰ ৪৯ বছৰ বয়সীয়া লোক এজনক বনৰীয়া হাতীয়ে আক্ৰমণ কৰে ৷ গুৰুতৰ ভাৱে আহত লোক জন ওৰেটো নিশা পথাৰতে পৰি থকাৰ পাছত বৃহস্পতিবাৰে পুৱা ৪ বজাত মৃত্যু হয় ৷

উল্লেখ্য যে যোৱা এসপ্তাহত উক্ত অঞ্চলত বনৰীয়া হাতী প্ৰৱে শ কৰি কৃষকৰ ধাননিত উপদ্ৰৱ চলাইছে ৷ মোহন গড়ে কালি সন্ধিয়া আন চাৰিজন লোকৰ হৈতে পথাৰলৈ গৈ ধাননি ৰক্ষাৰ চেষ্টা কৰাছিল হাতীৰ উপদ্ৰৱৰ পৰা ৷ বনৰীয়া হাতীৰ চোঁচা ত বাকী কেইজন লোক পলাই সাৰে যদিও মোহন গড় আক্ৰমণৰ বলি হয় ৷

হাতীৰ আক্ৰমণত দুটা দিনত দুজন লোকৰ মৃত্যুৰ ঘটনাই উক্ত অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্হানীয় গাওঁ বুঢ়া আৰু বাসিন্দা সকলৰ অভিযোগ হাতীৰ উপদ্ৰৱৰ কথা বন বিভাগক জনোৱা হৈছে যদিও প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই ৷ বনৰীয়া হাতী খেদিবলৈ বন বিভাগে গাওঁ বাসীক যোগান ধৰিব লগীয়া সামগ্ৰীও যোগান ধৰা নাই ৷

স্মৰ্তৱ্য যে একেটা হাতীয়ে উপদ্ৰৱ চলোৱাৰ লগতে মানুহ মাৰি আতংকৰ সৃষ্টি কৰা খবৰ বন বিভাগক সদৰী কৰাৰ পাছতো বন বিভাগৰ গা নলৰাৰ অভিযোগ উঠিছে ৷ চাহজনগোষ্ঠী ছাত্ৰ সন্হা ,মজদুৰ সংঘ কে ধৰি ভালে কেইটা সংগঠনে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৷

শুকুৰবাৰে উক্ত অঞ্চলত বন কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সংগঠন কেইটাই ৷ উল্লেখ্য যে কাকৈ সংৰক্ষিত বনাঞ্চলত প্ৰায় ৪০ টা বনৰীয়া হাতী আছে ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি এই কেইটা হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ হাতীৰ জাক বোক সন্তুলিত কৰিব পৰা নাই বন বিভাগে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in