বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত…
ডিজিটেল সংবাদ, লালুকঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমাৰ বান্দৰদেৱাৰ এটা ভাড়া ঘৰৰ পৰা বান্দৰদেৱা আৰক্ষীয়ে প্ৰায় ২৬.৫১ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। বান্দৰদেৱা (২নং পাৰ্ব্বতীপুৰ) আৰক্ষী চকীৰ আৰক্ষী বিষয়া মদন চন্দ্ৰ কলিতাই গোপন সুত্ৰৰ পমখেদি এই হেৰ’ইনখিনি উদ্ধাৰ কৰে এটা ভাড়াঘৰৰ পৰা।
সম্প্ৰতী ড্ৰাগছ ব্যবসায়ী ৰাজু ৰহমান ওৰফে বাবু পলাতক অৱস্থাত আছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে আজি বিয়লী গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে বান্দৰদেৱাৰ এছ বি আই’ৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা ২৬.৫১ গ্ৰাম হিৰ’ইন উদ্ধাৰ কৰাৰ লগতে মুল অভিযুক্ত চৰুদ্ধন ৰহমানৰ পুত্ৰ ৰাজু ৰহমান ওৰফে বাবু পলাতক হৈ আছে। আৰক্ষীয়ে অভিযানৰ সময়ত ৰাজুৰ মাতৃ সমৰ্থ বাণুক আটক কৰে।