টুল দত্তৰ হত্যাকাৰীৰ ওচৰত নিৰ্লজ্জ আত্মসম্পৰ্ণ লখিমপুৰ- ধেমেজিৰ আৰক্ষীৰঃ মুক্তমনে বিচৰণ অপৰাধীৰ…

টুল দত্তৰ হত্যাকাৰীৰ ওচৰত নিৰ্লজ্জ  আত্মসম্পৰ্ণ লখিমপুৰ- ধেমেজিৰ আৰক্ষীৰঃ মুক্তমনে বিচৰণ অপৰাধীৰ…

ডিজিটেল সংবাদ ঢকুৱাখনা:   সমাজ সভ্যতা আৰু মানৱতাক কলংকিত কৰি নৰহত্যাৰ দৰে জঘন্য আৰু পৈশাচিক অপৰাধ  সংঘটিত কৰা অপৰাধীৰ প্ৰতি সাম্প্ৰতিক সময়ত অসম আৰক্ষী অতি কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা এনে বৰ্বৰ  হত্যাকাণ্ডৰ নায়ক সকলক চিনাক্ত কৰি  সময়োচিত  কঠোৰ শাস্তি  প্ৰদানেৰে অসম আৰক্ষীয়ে এনে অশুভ প্ৰৱণতা ৰোধৰ চেষ্টা চলাই উচ্চ প্ৰশংসিত হৈছে ঠিকেই। কিন্তু লখিমপুৰ  জিলাৰ এগৰাকী  অতি সৰলমনা , কৰ্তব্য পৰায়ন  যুৱক টুল দত্তৰ  জঘন্য হত্যাকাণ্ডৰ মূল হত্যাকাৰী এটাৰ  ওচৰত অসম আৰক্ষীয়ে  প্রদর্শন কৰা নিৰ্লজ আত্মসমৰ্পণে  গৃহ বিভাগটোৰ  ফোপোলা চৰিত্ৰ জনদৃষ্টিত উন্মোচিত কৰিছে।  ধিকৃত হব লগা হৈছে লখিমপুৰ আৰু ধেমাজি জিলাৰ আৰক্ষী ।

ঘটনাৰ বিবৰণি মতে চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ঃ২০ বজাত  ঘিলামৰা- গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগঢ়া দলংৰ নিৰ্জন এলেকাত  ঘিলামৰাৰ পৰা গোগামুখ হৈ লখিমপুৰৰ গৃহাভিমুখে নিজা বাইকেৰে গৈ  আছিল লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত ঘাঁৰমৰা ৰাংচলিয়া গাঁওৰ বাসিন্দা তথা  দূৰ সংযোগ EICHAR কোম্পানীৰ টেকনিছিয়ান টুল দত্ত (৩৮) । নিজা বাইকেৰে  অকলে  ঘিলামৰা- গোগামুখ ৰাজ্যিক ঘাই পথেৰে নিশা গৈ থকা অৱস্থাতে দুজন স্কুতি আৰোহীয়ে  অনুসৰণ কৰি গৈ টেঙাগঢ়া দলংৰ সমীপত দত্তক বলপূৰ্বক ৰাখি প্ৰাণনাশী আক্ৰমণ চলাই  ধন ,মোবাইল, নথি-পত্ৰ, কাৰিকৰী সা সঁজুলি আদি সৰ্বশ্ৰ লুটি নিছিল ।

সৰ্বশ্ৰ দুই বৰ্বৰ ব্যক্তিৰ হাতত সৰ্পি দি প্ৰাণ ভিক্ষা কৰি জনোৱা কাতৰ আহ্বানকো উপেক্ষা কৰি দত্তৰ মূৰত দেহত উপৰ্যুপৰি প্ৰহাৰ কৰি পাছত মুমূৰ্ষু অৱস্থাত পথৰ পৰা বহু তললৈ বাইক সহ পেলাই দি উধাও হৈছিল দুই নৰখাদক । পাছত তেজেৰে তুমৰলি হৈ  দত্তই কোনোমতে গৈ  গোগামুখৰ আত্মীয়ৰ ঘৰত সোমাই । গোগামুখৰ  আত্মীয়ই  ক্ষীপ্ৰতাৰে গোগামুখত প্ৰাথমিক চিকিৎসা চলোৱাৰ পাছত গুৰুতৰ জখমৰ বাবে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসায়লৈ নি চিকিৎসা প্ৰদান কৰিছিল।

কিন্তু  নিয়তিৰ পৰিহাস মানি চিকিৎসাধীন অৱস্থাতে যোৱা ১০ মাৰ্চত অকাল মৃত্যুক সাৱটি লয় কৰ্মোদ্যমী যুৱক দত্তই। এই সন্দৰ্ভত দত্তৰ পৰিয়ালে গোগামুখ থানাত যোৱা ১ মাৰ্চত  দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৪ আৰু সংযুক্ত ধাৰা ৩০২(৩৪) ত ৰুজু হোৱা গোচৰ ( নং- ৪০ /২০২১) পঞ্জীভূত হৈ আছে।  গোগামুখ থানাৰ অচি তথা গোচৰৰ  তদন্তকাৰী বিষয়া কুলদ্বীপ গগৈয়ে  ক্ষীপ্ৰ তদন্ত চলাই উক্ত বৰ্বৰ হত্যাকাণ্ডত  জড়িত ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ হুজ গাঁওৰ সোনটি দাস নামৰ এটা নৰহত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

ধৃত  হত্যাকাৰী সোনটি দাসৰ  স্বীকাৰুক্তি আৰু সাক্ষ্যৰ ভিত্তিত এই প্ৰাণনাশী আক্ৰমনৰ সৈতে বিভিন্ন  ডকাইতি, ধনদাবী, ভয় ভাবুকিৰে সন্ত্ৰাস চলোৱা  ঢকুৱাখনা মাজ জালভাৰী গাঁওৰ  উদণ্ড যুৱক গেৰজাই বৰুৱাও  জড়িত থকাটো নিশ্চিত হয় গোগামুখ আৰক্ষী। প্ৰামানিক তথ্য লাভ কৰাৰ পাছতো বহুকেইটা লোমহৰ্ষক ডকাইতি, হত্যাকাণ্ডৰ সতে জড়িত হৈ অসম আৰক্ষীৰ ডায়েৰীত নিজৰ নাম  জিলিকাই ৰাখিবলৈ সক্ষম হোৱা এই  নৰখাদক হত্যাকাৰী "গেৰজাই "ক  গ্ৰেপ্তাৰ কৰাত বিগত ৬ মাহে নিৰ্লজ ভাবে ব্যৰ্থতা প্রদর্শন কৰিছে ধেমাজি জিলাৰ লগতে লখিমপুৰ জিলা আৰক্ষীয়ে।

লক্ষণীয় বিষয় হল  গোগামুখৰ তদানীন্তন অচি কুলদ্বীপ গগৈ জিলাখনৰ চিমেন চাপৰি থানালৈ বদলি  হোৱাৰ পাছত  ৰহস্যজনক ভাবে এই তদন্তৰ গতি নিষ্প্ৰভ হৈ পৰিছে।  মাত্ৰ কেইটামান টকাৰ বাবে এটা নিষ্পাপ নিৰীহ প্ৰাণ কাঢ়ি লবলৈ কুণ্ঠাবোধ নকৰা  আসুৰীক প্ৰকৃতিৰ এই "গেৰজাই"ক   বিচাৰিবলৈ অথবা গ্ৰেপ্তাৰ কৰিবলৈ  গোগামুখ আৰু ঢকুৱাখনা  আৰক্ষীয়ে সাহস নকৰাত অন্তৰালত আছে তথাকথিত সশস্ত্ৰ আৰক্ষী বিভাগৰ মৃত্যু ভয়। কেইমাহ মানৰ পূৰ্বে সুনিশ্চিত তথ্যৰ ভিত্তিত গেৰজাইৰ ঘৰত চলোৱা আৰক্ষীৰ অভিযান কালত  দুৰ্দান্ত হত্যাকাৰীটোৱে আৰক্ষীৰ উমান পাই এজন সশস্ত্ৰ  আৰক্ষী বেটেলিয়নক এডাল  চাইকেলৰ ভগা লোৰ অস্ত্ৰৰে মূৰত মাৰি মূৰ ফালি নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হৈছিল।

অভিযানকাৰী  সশস্ত্ৰ আৰক্ষী , অৰ্ধ সামৰিক বাহিনীকো কেৰেপ নকৰা দুৰ্দান্ত গেৰজাইৰ গ্ৰেপ্তাৰ অথবা চাৰ্চ অভিযানৰ বাবে সেয়ে  সাহস নকৰে অসম আৰক্ষীয়ে। গোপন সূত্ৰে জনা মতে  ঢকুৱাখনাৰ এটা  বিশেষ নিৰ্জন  অঞ্চলৰ নিৰাপদ পাম ঘৰত দিনত কটাই নিশা প্ৰায়ে নিজ ঘৰলৈ আৰু আত্মীয়ৰ ঘৰলৈ আহি ভাত খাই ,কাপোৰ ধুই ,কল , ফলমূল আদি লৈ পুনৰ উভতি যায় গেৰজাই।  স্বাভাৱিক ভাবেই  ঘৰৰ সমীপতে থাকি দিন কটোৱা এইটো  নৰ হত্যাকাৰীয়ে  তথা কথিত কঠোৰ আৰক্ষী বিভাগক ভ্ৰূকুটি দৰ্শাই অহাৰ পাছতো ৬ মাহে কাৰ্যতঃ এইটো হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰি তাৰ ওচৰত আত্মসমৰ্পণ কৰা কাৰ্যত ক্ষুব্ধ অকাল বৈধৱ্যক সাৱটি লোৱা  পিংকি দত্ত ।

এটা নৰ হত্যাকাৰীক ৬ মাহে গ্ৰেপ্তাৰ কৰিব নোৱাৰা  অসম আৰক্ষীৰ সোপাধিলা চৰিত্ৰৰ বাবেই পুনৰ  সামান্য কেইটামান টকাৰ বাবে অন্য নিৰীহৰ প্ৰাণ যোৱাৰ সুব্যৱস্থা আৰক্ষীয়ে কৰি আছে বুলি কৈ এটি ১১ বছৰীয়া পুত্ৰক পিতৃহাৰা নিথৰুৱা কৰি, পৰিয়ালটোলৈ অন্ধকাৰাচন্ন ভৱিষ্যত মাতি অনা ঘাটক গেৰজাইৰ প্ৰতি কিয় অসম আৰক্ষীয়ে অহেতুক দৰদ প্ৰদৰ্শন কৰিছে বুলি প্ৰশ্ন কৰিছে স্বামীহাৰা পিংকি দত্তই।

অকাল  বৈধব্যতকৈ ঘাটকৰ  মুকলি বিচৰণৰ যন্ত্ৰনাইহে পীড়া দি অহা পিংকু দত্তই নৰপিশাচ গেৰজাইৰ বাবে কিয় আৰক্ষীৰ এটা গুলী নুফুটে বুলি প্ৰশ্ন তুলি তাৰ গুলিবিদ্ধ হোৱাৰ খবৰেহে যন্ত্ৰণাক্লিষ্ট  মনটো কিছু হলেও প্রশান্তি দিব দিব বুলি কয়। উল্লেখযোগ্য যে হত্যাকাণ্ডৰ অন্যতম নায়ক সোনটি দাস ন্যায়িক জিম্মাত আছে । দুই জিলাৰ আৰক্ষীৰ এটা ঘাটকৰ  প্ৰতি  এনে নমনিয় স্থিতিৰ বিৰুদ্ধে  অসম আৰক্ষীৰ মহাপৰিদর্শক ভাস্কৰ জ্যোতি মহন্তলৈ এক অভিযোগ পত্ৰ প্ৰেৰণৰ  প্ৰস্তুতি চলোৱা বুলি জনালে  দুৰ্ভগীয়া পৰিয়ালটোৱে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in