লখিমপুৰত ধুমুহাৰ তাণ্ডৱ! তচনচ কৰিলে তিনিখন গাঁও…

লখিমপুৰত ধুমুহাৰ তাণ্ডৱ! তচনচ কৰিলে তিনিখন গাঁও…

ডিজিটেল সংবাদ, লখিমপুৰঃ এজাক ধুমুহাই বুধবাৰে নিশা লখিমপুৰত তাণ্ডৱৰ সৃষ্টি কৰে পানীগাওঁ অঞ্চলত৷ প্ৰচণ্ড বেগত অহা ধুমুহা জাকে নিমিষতে ঘৰ দুৱাৰ ভাঙি বিধ্বস্ত কৰিলে তিনিখন গাঁও ৷
প্ৰায় এক মিনিট সময়ৰ ভিতৰত ধুমুহা জাকে তাণ্ডৱ চলালে লখিমপুৰৰ এক নং দৌলপতা ,কুটুহাগুৰি ,মাগুৰ মাৰি নামৰ তিনিখন গাঁৱত ৷

ধুমুহা জাকে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তচনচ কৰিলে ৷উভালি পৰিল বিদ্যুতৰ খুটা ,প্ৰকাণ্ড প্ৰকাণ্ড গছ ৷ কথমপি প্ৰাণ ৰক্ষা শতাধিক পৰিয়ালৰ ধুমুহাজাকৰ তীব্ৰতা ইমানেই বেছি আছিল যে ৰাজপথত উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ ৷ প্ৰায় অৰ্ধ শতাধিক বিদ্যুৎ পৰিবাহী খুটা পথৰ ওপৰত বাগৰি পৰি বিদ্যুৎ যোগান ব্যাহত হয় ৷

ধুমুহা জাকৰ ফলত বাসগৃহ ভাঙি পৰা পৰিয়াল সমূহে বিচনাৰ তলত সোমাই কোনো ৰকমে প্ৰাণ ৰক্ষা কৰে ৷ কেতবোৰে ওৰে ৰাতি ধুমুহাই ভাঙি নিয়া বাস গৃহত উজাগৰী ৰাতি কটাব লগা হয় ৷
বৃহস্পতিবাৰে আবেলি বেলালৈ গাঁও তিনি খনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে ৷

ফুটগধূলিতে অহা প্ৰচণ্ড বেগৰ ধুমুহা জাকৰ ফলত উৰে নিশা বিধ্বস্ত বাসগৃহত অনাহাৰে থাকিব লগা হয় কুটুহাগুৰি ,দৌলপটা আৰু মাগুৰ মাৰিগাৱঁৰ পৰিয়াল সমূহ ৷ তেলাহী মৌজাৰ অধিনৰ ধুমুহাত ক্ষতিগ্ৰস্ত এই গাঁও কেইখনৰ ক্ষয় ক্ষতি বুজ ল'বলৈ বুধবাৰে প্ৰশাসনৰ এজনো লোক উপস্থিত নোহোৱাত গাঁওবাসীয়ে ক্ষোভ ব্যক্ত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in