লখিমপুৰৰ বাঁহপাতিৰ ২৭ খেলীয়া নামঘৰত চাৰিদিনীয়াকৈ গুৰুজয়ন্তী উদযাপন…

লখিমপুৰৰ বাঁহপাতিৰ ২৭ খেলীয়া নামঘৰত চাৰিদিনীয়াকৈ গুৰুজয়ন্তী উদযাপন…

ডিজিটেল সংবাদ, লখিমপুৰঃ পৰমগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাব তিথি উপলক্ষে ৰাজ্যৰ সত্ৰৰ নামঘৰত মঙলবাৰে বিৰাজ কৰে এক আধ্যাত্মিক পৰিৱেশ। লখিমপুৰতো গুৰুজনাৰ গুৰুজয়ন্তী উলহ-মালহেৰে উদযাপন কৰা হয়।

লখিমপুৰ জিলাৰ আজাদৰ বাঁহপাতিৰ ২৭ খেলীয়া বৰনামঘৰত গুৰুৰ শ্ৰৱণ-কীৰ্তনেৰে দেওবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গুৰুজয়ন্তী। নাম-প্ৰসংগ আৰু শ্ৰৱণ-কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় অঞ্চলটো।

এই নামঘৰটোত ২৪খন গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত গুৰুজনাৰ জন্মজয়ন্তীৰ তৃতীয় দিনাৰ কাৰ্যসূচীত মঙলবাৰে নাম প্ৰসংগ আৰু গুৰুচৰিত পাঠ কৰা হয়। বিয়লি ভাগলৈ অনুষ্ঠিত ধৰ্মালোচনী সভাত অংশ লয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।

শ্ৰীশ্ৰী বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত অংশ লৈ সাম্প্ৰতিক সময়ত শংকৰদেৱৰ দৰ্শনৰ প্ৰাসংগিকতাক লৈ এক সাৰুৱা বক্তব্য আগবঢ়াই নিতুমণি শইকীয়াই।

অংকীয়া নাট ৰচনা কৰা গুৰুজনাক এগৰাকী বিশ্ব নাট্যকাৰ বুলি অভিহিত কৰি শ্বেক্সপীয়েৰক জনাৰ আগেয়ে প্ৰতিজন অসমীয়াই গুৰুজনাক জানিব লাগিব বুলি ব্যক্ত কৰে ৷ অন্যহাতে বৰপেটা সত্ৰত নাৰীৰ প্ৰৱেশত বাধা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক গৰাকীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in