আজি ধন-ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা…

আজি ধন-ঐশ্বয্যৰ অধিষ্ঠাত্ৰী  দেৱী মহালক্ষ্মীৰ পূজা…

ডিজিটেল ডেস্কঃ আজি ধন -ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা। শাৰদীয় দুৰ্গোৎসৱৰ পিছতেই কাতি বিহু উদযাপন কৰি প্ৰফুল্লিত মনেৰে অসমীয়াই আজি লক্ষ্মীক আৰধনা কৰিব। দৱী লক্ষ্মীৰ আশীৰ্বাদ হলে ভক্তৰ জীৱন সমৃদ্ধিশালী হয় বুলি এক ধাৰণা বা লোক বিশ্বাস আছে। এই বিশ্বাসক সাৰোগত কৰিয়েই দেৱীৰ আশীষ বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভক্তসকলে মহালক্ষ্মীক আৰধনা কৰিব।

অসমৰ ঠায়ে ঠায়ে লক্ষ্মী পূজাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। কোনো কোনো অঞ্চলত দুই-তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব লক্ষ্মী পূজা। সজাই তোলা হৈছে লক্ষ্মী পূজাৰ বাবে সাজু কৰি তোলা পূজা মণ্ডপৰ লগতে মন্দিৰসমূহ সমূহ। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ভক্তসকলৰ মাজত দেখা গৈছে ব্যাপক প্ৰস্তুতি।

ইতিমধ্যে মৃণ্ময় প্ৰতিমা সাজু কৰি তুলিছে শিল্পীসকলে। কোনো কোনো পূজা উদযাপন কমিটীয়ে ইতিমধ্যে মৃণ্ময় প্ৰতিমা পূজা মণ্ডপলৈ নিছে। আনহাতে আন একাংশ পূজা উদযাপন কমিটীয়ে আজি পুৱাৰ ভাগত এই প্ৰতিমা পূজাস্থলীলৈ নিব। লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে সকলো।মুঠতে আজিৰ দিনটোত লক্ষ্মী বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in