:অশ্ৰুসিক্ত নয়নেৰে চিৰ বিদায় দিলে পথ দুৰ্ঘটনাত মৃত্যু হোৱা অসমীয়া প্ৰতিদিনৰ সংবাদকৰ্মী লক্ষ্য বায়নক…

:অশ্ৰুসিক্ত নয়নেৰে চিৰ বিদায় দিলে পথ দুৰ্ঘটনাত মৃত্যু হোৱা অসমীয়া প্ৰতিদিনৰ সংবাদকৰ্মী লক্ষ্য বায়নক…

ডিজিটেল সংবাদ, ছমৰীয়াঃ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত অসমীয়া প্ৰতিদিনৰ সংবাদ কৰ্মীৰ বিয়োগত শোকৰ বন্যা৷যোৱা বুধবাৰৰ পৰা মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সংবাদ কৰ্মী লক্ষ্য বায়ন।জানিব পৰা মতে যোৱা বুধবাৰে তেওঁৰ ঘৰৰ পৰা তেওঁৰ কৰ্মস্থলী "অসমীয়া প্ৰতিদিন" কাকত ৰ কাৰ্যালয়লৈ গৈ থকা সময়ত কুকুৰমাৰাত এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ আছিল 'অসমীয়া প্ৰতিদিন'ৰ সংবাদকৰ্মী লক্ষ্য বায়ন।

উল্যেখ্য যে যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে নিশা বহু চেষ্টাৰ অন্তত সংবাদকৰ্মী লক্ষ্য বায়নক জি মি চি এইচ কতৃপক্ষই মৃত বুলি ঘোষনা কৰে।উল্লেখ্য যে আজি অৰ্থাৎ শনিবাৰে তেঁওৰ নশ্বৰ দেহ ছমৰীয়া সত্ৰৰ তেঁওৰ বাস ভৱনলৈ অনা হয়।লক্ষ্য বায়নৰ নশ্বৰদেহ তেওঁৰ ছমৰীয়াস্থিত বাসভৱন আহি পোৱাৰ লগে লগে ঘৰখনত কান্দোনৰ ৰোল বয়।

জানিব পৰা মতে 'অসমীয়া প্ৰতিদিন'ৰ ডি টি পি শাখাত বিগত প্ৰায় ১৮ বছৰ ধৰি সেৱা আগবঢ়াই আহিছিল প্ৰয়াত লক্ষ্য বায়নে।লক্ষ্য বায়নৰ মৃত্যুত অসমীয়া প্ৰতিদিন গোষ্ঠী,তেওঁৰ পৰিয়ালৰ লগতে বৃহত্তৰ ছমৰীয়া অঞ্চলত শোকৰ ছাঁ পৰে।

জানিব পৰা মতে সংবাদকৰ্মী লক্ষ্য বায়নে কিছুদিন পূৰ্বে মাতৃক হেৰুৱাইছিল।উল্লেখ্য যে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী লক্ষ্য বায়নে মৃত্যুৰ সময়ত দুটি কণ কণ সন্তানৰ সৈতে নিজ পত্নীক এৰি থৈ যায়। কৰ্মচাৰীগৰাকীৰ পৰিয়ালৰ এই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰীয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা কৰ্মচাৰীগৰাকীৰ পৰিয়ালে কাৰ্যালয়ৰ পৰা পোৱা সকলো সা-সুবিধা লাভ কৰাৰ উপৰিও মাহে লাভ কৰিব ১০,০০০হাজাৰকৈ টকা। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰী এই কথা অৱগত কৰিছে পৰিয়ালক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in