চীনে মুকলি কৰি দিলে দুই মেজৰসহ ১০ ভাৰতীয় সেনা জোৱানক…

চীনে মুকলি কৰি দিলে দুই মেজৰসহ ১০ ভাৰতীয় সেনা জোৱানক…

ডিজিটেল ডেস্কঃ চীন-ভাৰতৰ সংঘাতৰ পাছতে পূব লাডাখৰ গালৱানত কৰ্তব্যৰত কেইবাজনো সেনা জোৱান সন্ধানহীন হৈ থকাৰ কথা যোৱা বৃহস্পতিবাৰে সদৰি কৰিছিল ভাৰতীয় সেনাই। এই বিষয়ক লৈ ভাৰতীয় সেনা আৰু চীনা সেনাৰ উচ্চপদস্থ বিষয়াৰ মাজত যোৱা তিনিদিন ধৰি আলোচনাও অব্যাহত আছিল।

তিনিদিন ধৰি আলোচনাৰ অন্তঃত বৃহস্পতিবাৰে বিয়লি দুজন মেজৰৰ সৈতে ১০গৰাকী ভাৰতীয় সেনা জোৱানক চীনে মুকলি কৰি দিছে। সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, বৰ্তমানলৈ ভাৰতীয়া সেনাই এই সন্দৰ্ভত আনুষ্ঠানিক কোনো ঘোষণা কৰা নাই।

উল্লেখ্য যে, গালৱানৰ সংঘাতৰ পাছতে ভাৰতীয়া সেনাই প্ৰকাশ কৰা কেইবাখনো বিবৃতিত ভাৰতীয় সেনা সন্ধানহীন হোৱা নাই বুলি দাবী কৰিছিল। ভাৰতীয় সেনাই চীনৰ ৪৫গৰাকী সেনা নিহত হেৱাৰ লগতে ভাৰতৰ ২০গৰাকী সেনা জোৱান নিহত হোৱাৰ খবৰ প্ৰকাশ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in