লাচিত দিৱসত পূব মণ্ডলৰ সেনা প্ৰধানে উন্মোচন কৰিব বীৰ লাচিতৰ প্ৰতিমূৰ্তি, ন-ৰূপত সজাই তোলা হৈছে লাচিত সংঘৰ চৌহদ…

লাচিত দিৱসত পূব মণ্ডলৰ সেনা প্ৰধানে উন্মোচন কৰিব বীৰ লাচিতৰ প্ৰতিমূৰ্তি, ন-ৰূপত সজাই তোলা হৈছে লাচিত সংঘৰ চৌহদ…

ডিজিটেল সংবাদ,গুৱাহাটীঃ চানমাৰী-গান্ধীবস্তি সংযোগী মামণি ৰয়চম গোস্বামী পথস্থিত লাচিত সংঘৰ চৌহদত নিৰ্মিত বীৰ লাচিত বৰফুকনৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি অহা ২৪ নৱেম্বৰ লাচিত দিৱসৰ দিনা উন্মোচিত হব। দুদিনীয়া কাৰ্যসূচীৰে সংঘই উদযাপন কৰিবলৈ লোৱা এইবাৰৰ লাচিত দিৱসৰ কাৰ্যসূচীৰ ভিতৰত মুখ্য কাৰ্যসূচী হিচাপে পৰিগণিত বীৰ লাচিতৰ প্ৰতিমূৰ্তি ২৪ নৱেম্বৰৰ পুৱা ১১-১০ বজাত উন্মোচন কৰিব ভাৰতীয় সেনাৰ পূব মণ্ডলৰ সৰ্বাধিনায়ক লেঃ জেঃ ৰাণা প্ৰতাপ কলিতাই। উল্লেখযোগ্য যে, বৰ্তমান ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ পদত কাৰ্যনিবাহ কৰি থকা ৰাণা প্ৰতাপ কলিতা হল একমাত্ৰ অসমীয়া আৰু ৰঙিয়াৰ সন্তান।

এই অনুষ্ঠানত ১৯৭৯ চনতে প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত লাচিত সংঘৰ পতাকা পুৱা ১১-৫ বজাত উত্তোলন কৰিব ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমৰ জ্যোতি চৌধুৰীয়ে। সাদিন-প্ৰতিদিন কাৰ্যালয়ৰ সমীপতে থকা লাচিত সংঘৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা লাচিত দিৱসত প্ৰতিমূৰ্তি উন্মোচনৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত দিনৰ দিনজোৰা কাৰ্যসূচীৰ ভিতৰত শ্ৰদ্ধাঞ্জলি, বিশিষ্ট লোকৰ সম্বৰ্ধনা, উন্মোচনী সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানো আছে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি লাচিত সংঘই কামৰূপ(মেট্ৰ) জিলাভিত্তিত মুকলি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। চাৰিটা পৰ্যায়ত আয়োজন কৰা হৈছে এই চিত্ৰাংকণ প্ৰতিযোগিতা। ইয়াৰোপৰি ২৩ নৱেম্বৰ, শনিবাৰে অনুষ্ঠিত হব লগা এই মুকলি চিত্ৰাংকণ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা সকলক ২৪ নৱেম্বৰ, দেওবাৰৰ উন্মোচনী সভাতে বটাঁ প্ৰদানৰ কাৰ্যসূচীও লোৱা হৈছে।

সংঘৰ সভাপতি কল্যাণ দত্ত আৰু সাধাৰণ সম্পাদক সীমান্ত দাসে এই সন্দৰ্ভত কয় যে, লাচিত সংঘই নিয়মীয়াভাৱে উদযাপন কৰি অহা ৪ দশকজোৰা লাচিত দিৱসৰ ভিতৰতে এইবাৰৰ লাচিত দিৱস উদযাপন সবাতোকৈ গুৰুত্বপূৰ্ণ। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতাও কামনা কৰিছে সভাপতি-সম্পাদকদ্বয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in