‘লাচিত দিৱস’ত বীৰ লাচিতক সশ্ৰদ্ধাৰে সোৱৰঁণ গুৱাহাটীৰ লাচিত সংঘৰ…

‘লাচিত দিৱস’ত বীৰ লাচিতক সশ্ৰদ্ধাৰে সোৱৰঁণ গুৱাহাটীৰ লাচিত সংঘৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ওপজা দিনত আজি সমগ্ৰ ৰাজ্যই স্মৰণ কৰিলে অসমীয়াৰ স্বাভিমান তথা সাহস আৰু বীৰত্বৰ প্ৰতীক লাচিত বৰফুকনক। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে পূৰ্বৰ কিছু কাৰ্যসূচী বাতিল কৰি সীমিত সংখ্যক লোকৰ উপস্থিতিত গুৱাহাটীৰ চানমাৰীস্থিত লাচিত সংঘতো উদযাপন কৰা হয় লাচিত দিৱসটি।

অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে থকা সংঘটোত পুৱা ১০বজাত পতাকা উত্তোলন আৰু তাৰ পাছতে সংঘৰ চৌহদত থকা লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰা হয়। এই কাৰ্যসূচীৰ সমান্তৰালভাৱে পৰিৱেশন কৰা হয় অসমৰ জাতীয় সংগীত- অ মোৰ আপোনাৰ দেশ…

প্ৰতিবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে লাটিত সংঘই লাচিত দিৱসটি উদযাপন কৰে যদিও এইবাৰ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে সকলো কাৰ্যসূচী বাতিল কৰা হয়। এই বৰ্ষত অনুষ্টুপীয়াকৈ আয়োজন কৰা লাচিত দিৱসৰ সীমিত কাৰ্যসূচীত উপস্থিত থাকে কেইবাগৰাকীও গণ্যমাণ্য ব্যক্তি।

কামৰূপ মহানগৰৰ লাচিত সেনাইয়ো সহযোগ আগবঢ়াইছে এই কাৰ্যসূচীত। লাচিত সেনাৰ প্ৰতিনিধিও উপস্থিত থাকে এই অনুষ্ঠানটিত। ইয়াৰ লগতে অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৃণাল হাজৰিকা, জ্যোষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে আদি কৰি কেইবাজনো ব্যক্তি। উপস্থিত থকা সমল ব্যক্তিসকলক গামোচা, ফুলাম জাপি আৰু ফুলঁৰ থোপাৰে সম্বধৰ্না জ্ঞাপন কৰা হয়।

প্ৰায় ১ঘন্টা জোৰা কাৰ্যসূচীৰ পাছতে সমাপ্ত কৰা হয় পুৱাৰ কাৰ্যসূচী। অনুষ্ঠানৰ শেষত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোঁৱৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনাও কৰা হয়। উল্লেখ্য যে, বিয়লি ভাগলৈ সংঘই সমগ্ৰ অঞ্চলটিত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে। সভাপতি-সম্পাদকে এই কাৰ্যসূচীতো ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in