লাচিত দিৱসঃ বাঘ হাজৰিকাক নিলগাই, জয় শ্ৰীৰাম ধ্বনিৰে শৰাইঘাটৰ নায়কক স্মৰণ কৰিব হিন্দু জাগৰণ মঞ্চই…

লাচিত দিৱসঃ বাঘ হাজৰিকাক নিলগাই, জয় শ্ৰীৰাম ধ্বনিৰে শৰাইঘাটৰ নায়কক স্মৰণ কৰিব হিন্দু জাগৰণ মঞ্চই…

ডিজিটেল ডেস্কঃ বীৰ লাচিতক স্মৰণেৰে সমগ্ৰ ৰাজ্যত বুধবাৰে অনুষ্ঠিত হ'ব লাচিত দিৱস। শৰাইঘাট যুদ্ধৰ নায়ক লাচিত দিৱসৰ উদযাপনৰ বাবে সাজু হৈছে হিন্দু জাগৰণ মঞ্চও। সংগঠনটোৱে চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত আয়োজন কৰিছে লাচিত দিৱসৰ। সংগঠনটোৰ এক ভিতৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰৰ লাচিত দিৱস উদযাপনৰ নামত ইতিহাস সলনি কৰাৰ পৰিকল্পনা কৰিছে হিন্দু জাগৰণ মঞ্চই।

সাধাৰণতে দেখা যায় লাচিত দিৱস উদযাপনৰ সময়ত লাচিতৰ লগতে স্মৰণ কৰা হয় সেই সময়ত শক্তিশালী মোগলৰ বিৰুদ্ধে যুঁজ দি অসমৰ স্বাধীনতা ৰক্ষা কৰা আহোম সেনাৰ উপৰিও লাচিত বৰফুকনৰ সহযোগী বাঘ হাজৰিকাক। হিন্দু জাগৰণ মঞ্চই এইবাৰ লাচিত বৰফুকনৰ কাষৰ পৰা বাঘ হাজৰিকাক বিদায় দি জয় শ্ৰীৰাম ধ্বনিৰে এই দিৱস উদযাপন কৰাৰ পৰিকল্পনা কৰিছে।

সংগঠনটোৰ মতে বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ। কিছু মৌলবাদী ধ্যান-ধাৰণাৰে পুষ্ট একাংশ লোকে এই কাল্পনিক চৰিত্ৰৰ সৈতে লাচিত বৰফুকনক সংযোগ কৰি ইতিহাস বিকৃত কৰিছে। উল্লেখযোগ্য যে, বাঘ হাজৰিকাৰ আচল নাম আছিল ইছমাইল ছিদ্দিক। আহোম ৰজা চক্ৰধৰ সিংহই তেওঁৰ বীৰত্বৰ উমান পাই এহাজাৰ জন পাইকৰ তলত হাজৰিকা পদবীৰে তেওঁক আহোম সেনাত নিযুক্তি দিছিল।

বুৰঞ্জীৰ আৰু একাংশ ইতিহাসবিদৰ মতে, অসমৰ গড়গাঁৱৰ ঢেকেৰীগাঁৱত জন্ম হৈছিল বাঘ হাজৰিকাৰ। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সহচৰ আছিল নৌ চালনাত পাৰ্গত বাঘ হাজৰিকা। উল্লেখযোগ্য যে, শৰাইঘাটৰ যুদ্ধৰ সময়ত ব্ৰহ্মপুত্ৰৰ দক্ষিণত কোঠ মাৰিছিল লাচিত বৰফুকনে। উত্তৰত কোঠ মাৰিছিল ৰাম সিংহই।

সেই সময়ত শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ কামানত বহু আহোম সেনাই প্ৰাণ হেৰুৱাইছিল। ইয়াকে লৈ লাচিত বৰফুকন চিন্তিত হোৱাত বাঘ হাজৰিকাই ইয়াৰ দায়িত্ব লৈছিল। এনে কাহিনীও আছে যে বাঘ হাজৰিকাই কেইজনমান সাহসী আহোম সেনাক লগত লৈ সাতুৰি গৈ মোগলৰ খাৰ-বাৰুদত পানী ঢালি আহিছিল।

সেই বাঘ হাজৰিকাৰ বীৰত্বৰ কাহিনী লাচিত বৰফুকনৰ লগতে সোঁৱৰণ কৰা হয়। লাচিত বৰফুকনৰ কাষতে স্থান দিয়া হয় বাঘ হাজৰিকাক। প্ৰথমবাৰৰ বাবে লাচিত দিৱসত বাঘ হাজৰিকাক আঁতৰাই এই চৰিত্ৰক কাল্পনিক বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব হিন্দু জাগৰণ মঞ্চই। পৰৱৰ্তী সময়ত এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in