ৰাজ্যৰ সৰ্বত্ৰে বীৰ লাচিতক স্মৰণঃ ‘অটল,অদম্য,অজেয়’ শ্ল’গান বীৰ লাচিত সেনাৰ…

ৰাজ্যৰ সৰ্বত্ৰে বীৰ লাচিতক স্মৰণঃ ‘অটল,অদম্য,অজেয়’ শ্ল’গান বীৰ লাচিত সেনাৰ…

ডিজিটেল ডেস্কঃ আজি লাচিত দিৱস। সমগ্ৰ ৰাজ্যত অসমীয়াৰ শৌৰ্য, বীৰ্যৰ প্ৰতীক লাচিতক সশ্ৰদ্ধ স্মৰণ কৰিছে। অসম চৰাকাৰে চৰাকাৰীভাৱে কাছাৰীঘাটত অনুষ্ঠিত কৰিছে লাচিত দিৱসৰ কাৰ্যসূচী। কাছাৰীঘাটত লুইতৰ বুকুত থকা লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে অসমীয়াৰ স্বাভীমান গৰাকীক শ্ৰদ্ধা নিবেদিছে।

ইফালে ৰাজ্যিক কেবিনেট বৈঠক বঙাইগাঁৱত অনু্ষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কেবিনেট বৈঠকৰ পূৰ্বেই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ উপৰিও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰীসকল।

আনহাতে বীৰ লাচিত সেনাই লখিমপুৰত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰিছে লাচিত দিৱসৰ কাৰ্যসূচী। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই লাচিত দিৱসৰ কাৰ্যসূচীলৈ আগমণ ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বীৰ লাচিত সেনাৰ সদস্যসকলৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকৰ।

বীৰ লাচিত সেনাই অটল অদম্য অজেয় এই নীাতিক সন্মুখত লৈ এইবাৰ বীৰ লাচিত সেনাই লাচিত দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আনহাতে এই মুকলি সভাত উপস্থিত থাকিব ৰাজ্যিৰ বিভিন্ন জাতীয় দল-সংগঠনৰ নেতৃত্ব।

ইয়াৰ উপৰিও গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে অনুষ্ঠিত কৰিছে লাচিত দিৱস। একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিভিন্ন সৰু-বৰ, দল-সংগঠনে শ্ৰদ্ধাৰে স্মৰণ কৰিছে বীৰ লাচিতক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in