গান্ধীনগৰত আদৱানীক নিদিলে টিকট, বিজেপি সমৰ্থকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

গান্ধীনগৰত আদৱানীক নিদিলে টিকট, বিজেপি সমৰ্থকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ লালকৃষ্ণ আদৱানীয়ে প্ৰতিদ্বন্দ্বিতা কৰি আছিল গান্ধীনগৰ লোকসভা আসনৰ পৰা। বহু চৰ্চিত এই আসন খনৰ পৰা এইবাৰ টিকট নাপালে লালকৃষ্ণ আদৱানীয়ে। বিজেপিৰ পিতামহ স্বৰূপ আদৱানীৰ স্থানত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা আসনখনত এইবাৰ নিৰ্বাচন খেলিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

এল কে আদৱানীক বঞ্চিত কৰি তেওঁৰ সমষ্টিত অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুজৰাটৰ বিজেপি সূত্ৰই সদৰি কৰা মতে, এই সমষ্টিটোত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত কোনো নামেই দলটোৰ ৰাজ্যিক নেতৃত্বই প্ৰেৰণ কৰা নাছিল। কেন্দ্ৰীয় নেতৃত্বই এই সন্দৰ্ভত সিদ্ধান্ত লৈছে বুলি সদৰি কৰিছে ৰাজ্যিক নেতৃত্বই।

লালকৃষ্ণ আদৱানীক টিকটৰ পৰা বঞ্চিত কৰাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত এই মন্তব্য কৰিছে বিজেপি নেতৃত্বই। উল্লেখযোগ্য যে, গান্ধীনগৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত নাৰায়নপুৰা বিধানসভা সমষ্টিৰ বিধায়ক আছিল অমিত শ্বাহ। বৰ্তমান তেওঁ ৰাজ্যসভাৰ সাংসদ। বিজেপি সূত্ৰই দাবী কৰা মতে, ৯১ বৰ্ষীয় আদৱানী আৰু দলৰ জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীয়ে তেওঁলোকে নিৰ্বাচন খেলিব নে নাই, সেই সন্দৰ্ভত নিজেই সিদ্ধান্ত ল'বলৈ অনুৰোধ কৰিছিল। কিন্তু আদৱানীয়ে দলৰ নেতৃত্বৰ সৈতে কোনো যোগাযোগ কৰা নাছিল বুলি সূত্ৰটোৱে কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in