অৱহেলিত হৈ থাকিল কুৰুৱাবাহীৰ বলিষ্ঠ অভিনেতা বুবাই হাজৰিকা…

অৱহেলিত হৈ থাকিল কুৰুৱাবাহীৰ বলিষ্ঠ অভিনেতা বুবাই হাজৰিকা…

ডিজিটেল সংবাদ, বোকাখাতঃ অসমৰ চাৰি সত্ৰৰ ভিতৰত গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী সত্ৰ অন্যতম। বহুসময়ত কোৱা হয় যে- কুৰুৱাবাহী সত্ৰ এক উৰ্বৰ সাংস্কৃতিক ক্ষেত্ৰ কিন্তু অসমৰ সাংস্কৃতিক ইতিহাসত কুৰুৱাবাহীৰ সাংস্কৃতিক যাত্ৰাৰ চৰ্চা হওঁতে বংশীগোপাল দেৱে প্ৰতিষ্ঠা কৰি যোৱা কুৰুৱাবাহী সত্ৰৰ কুৰুৱাবাহীৰ সাংস্কৃতিক ক্ষেত্ৰ নিৰ্মানৰ ক্ষেত্ৰত ভুমিকা সন্দৰ্ভত সুস্থ তথা বস্তুনিষ্ঠ আলোচনাৰ অৱকাশ আছে প্ৰচুৰ। কিয়নো নতুন প্ৰজন্মই কুৰুৱাবাহী সত্ৰৰ উদ্যোগত হোৱা সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত এটা টোকা লিখিবলৈ ল'লে নিশ্চয়কৈ বৰ দীঘলীয়াকৈ লিখিব নোৱাৰিব।

বস্তুনিষ্ঠ আলোচনাত তাৰ কাৰণ ওলাব। মানৰ আক্ৰমনো হয়তো সেই কাৰণ সমুহৰ মাজৰ এটা হ'ব পাৰে। ইফালে বৰ্তমানো কুৰুৱাবাহী সত্ৰৰ উদ্যোগত সত্ৰিয়া সংস্কৃতিৰ চৰ্চা তেনেই পুতৌজনক। "গোঁসাই ঘৰীয়া বিশেষ গোট"টোৰ বিজ্ঞানসন্মত সত্ৰীয়া সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত আগ্ৰহৰ সন্দৰ্ভত নতুন প্ৰজন্ম মুঠেও সন্তুষ্ট নহয়। সেয়ে হয়তো "সত্ৰ আছে, সংস্কৃতি নাই"-বোলা আপ্ত বাক্য এষাৰি এতিয়াও কুৰুৱাবাহীত প্ৰচলিত যি নতুন প্ৰজন্মৰ বক্তব্যক প্ৰতিনিধিত্ব কৰি আহিছে।

তাৰ বিপৰীতে ষাঠিৰ দশকত যি সাম্যবাদী ৰাজনৈতিক আদৰ্শ ও ধাৰা কুৰুৱাবাহীৰ জনজীৱনলৈ আধুনিক কুৰুৱাবাহীৰ নিৰ্মাতা, প্ৰয়াত সাম্যবাদী নেতা, শিক্ষক কমলেশ্বৰ ৰাজখোৱাৰ নেতৃত্বত বৈ আহিল সেই সাম্যবাদী আদৰ্শৰ পৃষ্ঠপোষকতাত হে আচলতে এক নতুন সাংস্কৃতিক বাতাবৰণৰ সৃষ্টি হৈছিল কুৰুৱাবাহীত। আৰু সেই বাতাবৰণে প্ৰচলন কৰা বাঁওপন্থী ৰাজনৈতিক শিক্ষাই কুৰুৱাবাহীত সৃষ্টি কৰিছিল যথেষ্ট সংখ্যক সাংস্কৃতিক কৰ্মীৰ।

এই সাংস্কৃতিক কৰ্মী সকলৰ ভিতৰত কুৰুৱাবাহী মেৰকান গাঁৱৰ অভিনেতা, ভাওনা শিল্পী, বায়ন বুবাই হাজৰিকা আছিল অন্যতম। ১৯৬১ চনত কুৰুৱাবাহী যুৱক সংঘত অনুষ্ঠিত হোৱা জিলা ভিত্তিক একাংকিকা নাটক প্ৰতিযোগিতাত প্ৰয়াত সাম্যবাদী নেতা কমলেশ্বৰ ৰাজখোৱাৰ ৰচিত নাটক "মালিক কোন"ত কৰা মুখ্য চৰিত্ৰৰ অভিনয়ৰ যোগেদি সাংস্কৃতিক জগতখনত প্ৰবেশ কৰিছিল বুবাই হাজৰিকাই। আৰু সেই প্ৰতিযোগিতাৰ আছিল তেখেত শ্ৰেষ্ঠ অভিনেতা। অভিনেতাজনে তেখেতৰ সাংস্কৃতিক জীৱন যাত্ৰা সম্পৰ্কে প্ৰথমেই নাম ল'ব খোজে তেখেতে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়, তেতিয়াৰ কুৰুৱাবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তেখেতৰ শিক্ষাগুৰু বৃন্দাবন গোস্বামীৰ নাম।

"চাৰে আমাৰ লগৰ বোৰক কৈছিল, বুবায়ে আমাৰ বিদ্যালয়লৈ গৌৰব কঢ়িয়াই আনিছে। এই বাক্যশাৰীয়েই মোক উৎসাহিত কৰিছিল আৰু তাৰ পাছৰ পৰা মই ৰৈ থকা নাই, এতিয়াও মই যেন ৭৫ বছৰীয়া এজন ডেকা অভিনেতা "।- সাংস্কৃতিক জীৱনৰ আৰম্ভণি সন্দৰ্ভত অভিনেতা জনে ক'লে এনেদৰে।

এনেদৰেই সাংস্কৃতিক জীৱন আৰম্ভ কৰা বুবাই হাজৰিকাৰ বৰ্তমান ৭৫ বছৰ বয়সলৈকে স্থবিৰ হোৱা নাই সাংস্কৃতিক কাম কাজ। পৰবৰ্তী সময়ত গোলাঘাট জিলাৰ প্ৰায় সকলোবোৰ সৰু বৰ মঞ্চত বুবাই হাজৰিকাই কৰি গ'ল বলিষ্ঠ অভিনয়। বুবাই হাজৰিকাৰ অভিনয় জীৱনৰ অন্যতম সংগী আছিল তেখেতৰ ভটিজা তথা সত্তৰ দশকৰ প্ৰগতিশীল শিবিৰৰ কবি,সাংবাদিক, অভিনেতা, পৰিচালক পুতুল হাজৰিকা।

একোটা অঞ্চলৰ জনজীৱনক আলোড়িত কৰি থকা আদৰ্শৰ বৰ্হি প্ৰকাশ ঘটে সেই অঞ্চলৰ জনসাধাৰণৰ সাংস্কৃতিক কাম কাজত, পছন্দ অপছন্দত, তেনেদৰেই কুৰুৱাবাহীৰ জনজীৱনক সেই সময়ত আলোড়িত কৰি ৰাখিছিল বাঁওপন্থী ৰাজনৈতিক চিন্তা চেতনাই ফলত কুৰুৱাবাহীৰ নাট্য মঞ্চত সামগ্ৰিক ভাৱে মঞ্চস্থ হৈছিল সেইবোৰ নাটক যি বোৰ নাটকত আছিল সামন্তবাদী আৰু পুঁজিবাদী অগ্ৰাসনক প্ৰতিহিত কৰাৰ বাৰ্তা আৰু সেই নাটক বোৰত বুবাই হাজৰিকাই অবিৰত ভাৱে অভিনয় কৰি গৈছিল অঞ্চলটোৰ গণ সাংস্কৃতিক বাহিনীৰ এজন সক্ৰিয় কৰ্মী হিছাপেই। " যি বোৰ নাটকত পুঁজিবাদী ধনিক শ্ৰেণীটোক ওফৰাই দিয়াৰ কথা আছিল সেই নাটকবোৰ আমি কৰি ভাল পাইছিলোঁ"- কুৰুৱাবাহীৰ নাটক সম্পৰ্কে এনে মন্তব্য আছিল বুবাই হাজৰিকাৰ।

ইয়াৰ উপৰিও বুবাই হাজৰিকাই অসমৰ নাট্য সাহিত্যৰ ভালেমান বহুল চৰ্চিত নাটকত অভিনয় কৰি কুৰুৱাবাহীৰ নাট্য চেতনাক প্ৰতিফলিত কৰাৰ লগতে নিজেও এজন দক্ষ অভিনেতা হিছাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সেই নাটকবোৰ আছিল : "মালিক কোন", "ৰক্ষক কুমাৰ", "জেৰেঙাৰ সতী", "আজিৰ চিচিফাচ", "বেন ৰজাৰ পতন", "নিলাজ মানুহৰ দেশ", "বায়নৰ খোল", "ভোগজৰা", "পিয়লী ফুকন", "ৰূপালীম", "কৌনজ কুঁৱৰী", "মছনদ", "বিপ্লবী হৰদত্ত", "শকুনি প্ৰতিশোধ", "যুদ্ধ পৰ্বৰ আখৰা", "বৰ মানহৰ দোলা", "উল্কাপাত", "কংগোৰ কাৰাগাৰ", "বিচাৰ লাগে", "নাঙল যাৰ মাটি তাৰ" আদি। ইয়াৰ উপৰিও কুৰুৱাবাহীৰ ঐতিহ্যমণ্ডিত ৰাস উৎসৱৰ বুবাই হাজৰিকা আছিল একনিষ্ঠ কৰ্মী আৰু অভিনেতা।

উল্লেখযোগ্য যে, বুবাই হাজৰিকা মঞ্চ অভিনেতা হিচাপে পৰিচিত হোৱাৰ লগতে তেখেত এজন প্ৰসিদ্ধ ভাওনা শিল্পী তথা দক্ষ বায়নো।কুৰুৱাবাহীৰ ভাওনাৰ ক্ষেত্ৰখনত তেখেতৰ আছে অপৰিসীম অৱদান কিন্তু আজিৰ ভাওনাৰ "ৰেহ-ৰূপ"ৰ প্ৰতি তেখেতৰ আছে চৰম অসন্তুষ্টি,

" আজিকালিৰ ভাওনা প্ৰতিযোগিতা বোৰে ভাওনাক নষ্ট কৰিছে, মহাপুৰুষ দুজনাই বান্ধি দিয়া চৰিত্ৰ এই প্ৰতিযোগিতাবোৰে হেৰুৱাইছে" -এই প্ৰতিবেদক আগত বৰ্তমানৰ ভাওনা সংস্কৃতি সন্দৰ্ভত তেখেতে মন্তব্য কৰিলে এনেদৰে।

উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত অসমত লিংগ বৈসম্যৰ বিৰুদ্ধে প্ৰচুৰ লেখা মেলা আৰু কাম কাজ হোৱাৰ বিপৰিতে কিন্তু ষাঠি-সত্তৰ দশকতে বুবাই হাজৰিকা, প্ৰয়াত পুতুল হাজৰিকা আদিৰ দৰে শিল্পী অভিনেতাই কুৰুৱাবাহীৰ মঞ্চত পুৰুষৰ সমানেই নাৰীয়েও অভিনয় কৰাত যথেষ্ট গুৰুত্ব দিছিল অথচ বুবাই হাজৰিকাৰ দৰে চহা শিল্পী সকলৰ লিংগ সম্পৰ্কীয় নাছিল কোনো পদ্ধতিগত অধ্যয়ন কিন্তু সেই সাহসক সাৰ পানী দিছিল সেই সময়ৰ কুৰুৱাবাহীৰ সাম্যবাদী চৰিত্ৰই।

অৱশ্যে আশি দশকৰ পৰা কুৰুৱাবাহীৰ ৰাজনৈতিক চিন্তা চেতনাৰ পতন আৰম্ভ হ'ল। সুবিধাবাদৰ ৰাজনীতি আৰু ভোগবাদৰ প্ৰভাবত বহুধা বিভক্ত হ'ল কুৰুৱাবাহীৰ চিন্তা চেতনা। ইফালে অসম আন্দোলনে আনি দিয়া উগ্ৰ জাতীয়তাবোধেও কুৰুৱাবাহীৰ সাংস্কৃতিক মাত্ৰাক বহুক্ষেত্ৰত কৰিলে ক্ষতিগ্ৰস্ত। ফলত দুৰ্ভাগ্যজনক ভাৱে পুৰ্বৰ দৰে এতিয়া কুৰুৱাবাহীত সাংস্কৃতিক চৰ্চা প্ৰবল হৈ থকা নাই। অৱশ্যে কিছু সংখ্যক প্ৰতিভাবান যুৱক যুৱতিয়ে এই যাত্ৰা অব্যাহত ৰাখিছে যদিও কুৰুৱাবাহীত এতিয়া পুৰ্বৰ সাংস্কৃতিক ঐক্য নাই।

এনেদৰেই প্ৰয়াত বাওঁপন্থী নেতা কমলেশ্বৰ ৰাজখোৱা, কৃষক নেতা বলো বৰা, বিশিষ্ট নাট্যকৰ্মী প্ৰয়াত ধৰ্মেশ্বৰ বৰঠাকুৰ,নাট্য সম্ৰাট চন্দ চৌধৰী, নটৰাজ চিনে থিয়েটাৰৰ অচ্যুত লহকৰ, নটৰাজৰ বিখ্যাত অভিনেত্ৰী দিপিকা হাজৰিকা আৰু বহু বিশিষ্ট নাট্য ব্যক্তিত্বৰ সানিধ্য আৰু সাহচাৰ্যৰ সাৰ পানী লৈ নাট-ভাওনা-সংস্কৃতি চৰ্চা কৰা বুবাই হাজৰিকাই যদিও যদিও আৰ্থিক অভাৱ অনাটনৰ মাজতো অক্ষুন্ন ৰাখিছে নিজৰ মনোবল তথাপিও এই বিশাল প্ৰতিভাৰ চহা শিল্পী গৰাকীয়ে বৰ্তমানলৈকে নাপালে শিল্পীৰ মৰ্যদা। যি সময়ত ৰাজ্যখনৰ বহু তথাকথিত শিল্পীয়ে চৰকাৰী সা-সুবিধাৰে স্বচ্ছল জীৱন যাপন কৰিছে তেনে সময়ত এই জন চহা শিল্পীয়ে আজিও লাভ কৰা নাই শিল্পী পেঞ্চন। আনকি কুৰুৱাবাহীৰ যি বোৰ সংগঠণৰ লগত অভিনেতা জনে সাংস্কৃতিক কাম কাজ অব্যাহত ৰাখিছিল যেনে কুৰুৱাবাহী যুৱক সংঘ, কুৰুৱাবাহী মিলিত শিল্পী সমাজ, কুৰুৱাবাহী সত্ৰ আদিয়েও চহা শিল্পীজনক প্ৰদান নকৰিলে সামান্য সন্মানো। ইয়াৰ কাৰণ কি হ'ব পাৰে সেই উত্তৰ দিব সচেতন সমাজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in