বৃহস্পতিবাৰে বিধানসভাত আস্থা ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী

বৃহস্পতিবাৰে বিধানসভাত আস্থা ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী

ডিজিটেল ডেস্কঃ ১৮ জুলাই অৰ্থাৎ বৃহস্পতিবাৰে নিশ্চিত হ'ব কৰ্ণাটকৰ ৰাজনৈতিক ভৱিষ্যত। ৰাজ্যখনৰ বৰ্তমান শাসকীয় মিত্ৰজোঁট কংগ্ৰেছ আৰু জেডিএছৰ কেইবাগৰাকীও বিধায়কে পদত্যাগ কৰাৰ পিছতে কৰ্ণাটকৰ কুমাৰস্বামী নেতৃত্বাধীন চৰকাৰ ভংগ হোৱাৰ সম্ভাৱনাই দেখা দিছিল। ইয়াৰ মাজতে বিৰোধী দল বিজেপিক প্ৰত্যাহ্বান জনাই বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী এইছডি কুমাৰস্বামীয়ে।

সেই অনুসৰি মঙলবাৰে বিধানসভাত অনুষ্ঠিত হ'বলগীয়া আস্থা ভোটৰ পিছতহে নিশ্চিত হ'ব কৰ্ণাটকত কাৰ চৰকাৰ হ'ব। ইফালে বিশ্বাসভোটৰ এদিন পূৰ্বে পদত্যাগী বিধায়ক এইছ বিশ্বনাথ, নাৰায়ণ গৌড়া, এইছ গোপালাইয়াক সকিয়নী প্ৰদান কৰিছে জনতা দল চেকুলাৰে। দলটোৱে বিসম্বাদী বিধায়ক কেইজনৰ বিৰুদ্ধে 'হুইপ' জাৰী কৰি বিধানসভাৰ অধিবেশনত উপস্থিত থকাৰ নিৰ্দেশ দিছে। লগতে দলৰ বিৰুদ্ধে ভোট প্ৰদান নকৰিবলৈও সকিয়নী প্ৰদান কৰা হৈছে বিধায়কসকলক। যদি বিধায়কসকলে এই নিৰ্দেশ অমান্য কৰে, তেন্তে দল সলনি বিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নী প্ৰদান কৰিছে জেডিএছে।

উল্লেখ্য যে, হুইপ হৈছে ৰাজনৈতিক দলৰ এক বিভাগ। যিয়ে দলৰ অনুশাসন সুনিশ্চিত কৰে। অৰ্থাৎ দলৰ সদস্যই যাতে ব্যক্তিগত চিন্তাধাৰা অথবা মতাদৰ্শৰে পৰিচালিত নহৈ দলীয় মতাদৰ্শক অনুসৰণ কৰে, তাৰ ওপৰত দৃষ্টি ৰাখে হুইপে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in