ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!

ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!

ডিজিটেল ডেস্কঃ এৰাতিৰ ভিতৰতে চেলিব্ৰেটী হৈ পৰিছে ৰাণাঘাটৰ ৰাণু মণ্ডল। হিমেশ ৰেশমীয়াৰ সৈতে 'তেৰী মেৰী' গানৰ পিছত যেন জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে ৰাণু মণ্ডলৰ। ছ'চিয়েল মিডিয়াই হওক বা কোনো অখ্যাত চুবুৰী, সকলোতে মাথো এতিয়া ৰাণুৰ চৰ্চা। ইশ্বৰপ্ৰদত্ত মৌ-সনা কণ্ঠৰ অধিকাৰী ৰাণু মণ্ডলৰ কাষত এতিয়া ভীৰ কৰিছে বলিউডৰ নামী দামী শিল্পীয়েও।

৯০ৰ দশকৰ জনপ্ৰিয় সংগীত শিল্পী কুমাৰ চানুৱেও গীত গাব বিচাৰে ৰাণু মণ্ডলৰ সৈতে! কলকতাত কুমাৰ চানুৰ পূজা বিশেষ 'খেয়ালি দিন' নামৰ এলবামটোৰ উন্মোচনী অনুষ্ঠানত শিল্পীগৰাকীয়ে ৰাণু মণ্ডলৰ বিষয়ে উল্লেখ কৰে। য'ত তেওঁ কয়, 'হিমেশৰ সৈতে গান গোৱা বুলি শুনিছো। কিন্তু মই এতিয়াও ৰাণুৰ গান শুনা নাই। কিন্তু যদি সুযোগ পাও তেন্তে ৰাণুৰ সৈতে গান গোৱাত মোৰ আপত্তি নাই।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in