৩৬ঘন্টা আত্মগোপনৰ পাছত ধৰা দিয়া কুমাৰ সঞ্জিত কৃষ্ণই গ্ৰেপ্তাৰৰ পূৰ্বে কাক লগ ধৰিছিল…

৩৬ঘন্টা আত্মগোপনৰ পাছত ধৰা দিয়া কুমাৰ সঞ্জিত কৃষ্ণই গ্ৰেপ্তাৰৰ পূৰ্বে কাক লগ ধৰিছিল…

আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই ফাদিল কৰিছিল প্ৰশ্ন কাকত। ছীলড পেকেটৰ পৰা খুলি উলিয়াইছিল এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত। কিন্তু সেই ছীলড খোলা পেকেটেৰে কেনেদৰে অনুষ্ঠিত হৈছিল কৰিমগঞ্জত এছ আই লিখিত পৰীক্ষা। আৰক্ষী তদন্তই কিয় সামৰা নাই এইবোৰ বিষয়? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন…

এছ আই কেলেংকাৰী প্ৰশ্নকাকত ফাদিল কৰা অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা কৰিমগঞ্জ জিলাৰ পূৰ্বৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক কিছুসময়ৰ পাছতে আদালতত হাজিৰ কৰোৱা হব। ধৃত বিষয়াজনক চি আই ডিয়ে ৭দিনৰ জিম্মাত বিচাৰিব।

ইফালে এই কেলেংকাৰীৰে জড়িত অতিৰিক্ত আৰক্ষী পি কে দত্ত সন্ধান এতিয়াও লাভ কৰা নাই। কৰিমগঞ্জ জিলাৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ বাসভৱনত চি আই ডিয়ে তালাচী চলাইছিল যদিও আত্মগোপন কৰি থকা জুনিয়ৰ পি কে দত্ত খ্যাত এই বিষয়াগৰাকীক এতিয়া কত, সেয়া কোনেও নাজানে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰৰ দিনৰ ১১বজাত আকস্মিকভাৱে উপস্থিত হোৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক সেইদিনাৰ সন্ধিয়ালৈ চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষী মুখ্য কাৰ্যালয়ৰ কনফাৰেন্স হ'লত কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াই কেইবাঘন্টা জুৰি জেৰা কৰিছিল তেওঁক।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰৰ পৰা চৰকাৰী গাড়ী আৰু নিৰাপত্তাৰক্ষী এৰি প্ৰায় ৩৬ঘন্টা সময় নিৰুদ্দেশ হৈ আছিল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ। জানিব পৰা মতে, সেই সময়ত অধিবক্তাৰ সৈতে কথা পতাৰ লগতে তেওঁক কেইবাজনো ঘনিষ্ঠ ব্যক্তিৰে এই সন্দৰ্ভত মন্ত্ৰণা কৰিছিল তেওঁ।

ৰাজ্যৰ এজন জ্যেষ্ঠ আৰু শাসকীয় দলৰে সুসম্পৰ্ক থকা অধিবক্তাৰেও যোগাযোগ কৰা বুলি জানিব পৰা গৈছে। সেই অধিবক্তাজনক জামিন বা আন আইনী কাম-কাজ আগবঢ়াবলৈ দায়িত্ব দি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱাৰ ভাগত আত্মসমৰ্পণ কৰিছিলহি আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই।

এইখিনিতে প্ৰশ্ন উঠে যে, এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্তগৰাকীক কেইবাবাৰো জেৰাৰ পাছত হঠাত কিয় এনেদৰে পঠাই দিয়া হৈছিল। এই সময়চোৱাত তেওঁ কেলেংকাৰীৰ জড়িত বহু নথি-পত্ৰ বা তথ্য প্ৰমাণ নষ্ট কৰাৰো সম্ভাৱনা নথকা নহয়। অৱশ্যে তেওঁক মোবাইল ফোন দুটা জব্দ কৰি চি আই ডিয়ে ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

কৰিমগঞ্জৰ প্ৰশ্ন কাকত ফাদিল হোৱা এই ঘটনাৰ জড়িত তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই তেওঁৰ বাসগৃহতে প্ৰশ্নকাকতৰ টোপোলা ফালি ৰুবুল হাজৰিকা আৰু দিবন ডেকাক প্ৰশ্নকাকতৰ ফটো তুলিবলৈ দিয়া বুলি চৰ্চা হৈছে।

যদি ছীলড কৰি থোৱা সেই প্ৰশ্নকাকতৰ টোপোলা ফলা হৈছিল, তেনেহলে সেই পেকেটতো এতিয়া ক'ত আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে ছীলড খুলি থোৱা প্ৰশ্নকাকতৰে কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া হৈছিল, সেই সন্দৰ্ভত কিন্তু আৰক্ষীৰ তদন্ত আগবঢ়া নাই।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা খবৰ অনুসৰি, এই যুক্তিৰ আঁত ধৰিয়েই আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক এই কেলেংকাৰীৰে জড়িত নহয় বুলি যুক্তি প্ৰৰ্দশনেৰে তেওঁৰ অধিবক্তাই পৰৱৰ্তী আইনী কুছকাৱাজ চলাবলৈ সাজু হৈছে।

লক্ষ্যণীয় যে, কৰিমগঞ্জ জিলাত অনুষ্ঠিত হোৱা এছ আই পৰীক্ষাকেন্দ্ৰৰ দায়িত্বত থকা কৰ্তৃপক্ষই প্ৰশ্নকাকতৰ টোপোলা ছীলড খোলা বুলি সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা নাছিল। পৰীক্ষাৰ বাবে থকা নিৰ্দেশনাত সেই সম্পৰ্কত উল্লেখ থাকিলেও আৰক্ষীয়েও এই বিষয়টো তদন্তৰ প্ৰক্ৰিয়াৰ মাজলৈ অনা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in