লায়নচ্ ক্লাৱ কোকৰাঝাৰৰ উদ্যোগত ৰক্তদান শিৱিৰ…

লায়নচ্ ক্লাৱ কোকৰাঝাৰৰ উদ্যোগত ৰক্তদান শিৱিৰ…

ডিজিটেল সংবাদ,কোকৰাঝাৰ:  লায়নচ্ ক্লাৱ কোকৰাঝাৰৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰত ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়। কোকৰাঝাৰ তেৰাপন্ত ভৱনত অনুষ্ঠিত হোৱা ৰক্তদান শিৱিৰত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেকে ধৰি আন বহুতেই ৰক্তদান কৰে । ৰক্তদানৰ পূৰ্বে জিলা উপায়ুক্ত মেঘনিধি দাহাল আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই কোৰোনা টেষ্ট কৰে। কোৰোনা টেষ্টৰ ফলাফল নিগেটিভ হোৱাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৰক্তদান কৰে ।

 ইয়াৰোপৰি লায়নচ্ ক্লাৱৰ সদস্যসকলে ৰক্তদান কৰে । কৰোনাকালত ব্লাড বেংকসমুহত তেজৰ অভাৱ হোৱাৰ সময়তে লায়নচ্ ক্লাৱৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হোৱা ৰক্তদান শিৱিৰে কোকৰাঝাৰ ব্লাড বেংকত তেজৰ কিছু অভাৱ পুৰণৰ বাবে হাতত লোৱা হৈছে এনে অনুষ্ঠান । ৰক্তদানৰ অন্তত জিলা উপায়ুক্ত মেঘনিধি দাহাল আৰু আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই ৰক্তদানৰ দ্বাৰা জীৱন বচাব পাৰি আৰু প্ৰতিগৰাকী সক্ষম লোকে ৰক্তদান কৰা উচিত বুলি মন্তব্য কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in