কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন…

কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন…

কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন

 ডিজিটেল ডেস্ক কোকৰাঝাৰ : সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত অনুষ্ঠুপীয়াকৈ পালন কৰা হয় । সম্পূৰ্ণ কোভিড প্ৰট'কল মানি কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা মুকলি মঞ্চৰ খেলপথাৰ প্ৰাংগনত ৰাতিপুৱা ১০:০০ বজাত সন্থাৰ পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি লোহিত নাথে। মাথো পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ আনুষ্ঠানিকতা সম্পন্ন কৰা উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ উপস্থিত থাকে । সংবাদ মাধ্যমৰ আগত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে সৰ্বদিশতে পিছ পৰি থকা নাথ-যোগী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন আৰু সাংবিধানিক ৰক্ষা কৱচ অধিকাৰ প্ৰাপ্তিৰ দাবীৰে ২০১৭ চনৰ ১০ জুনত আত্মপ্ৰকাশ কৰিছিল বুলি উল্লেখ কৰে ।

নিৰন্তৰ আন্দোলন আৰু চৰকাৰৰ সৈতে আলাপ -আলোচনাৰ পিছতো এই পৰ্যন্ত নাথ যোগী জনগোষ্ঠীৰ সমস্যা সমূহ সমস্যা হৈয়ে আছে যদিও এই সমস্যাসমুহৰ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আশা প্ৰকাশ কৰি অৰবিন্দ নাথে নাথ-যোগী জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰা আৰু জনগোষ্ঠীটোৰ বাবে উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰিবলৈ দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত গঠন হোৱা চৰকাৰখনে নাথ-যোগী জনগোষ্ঠীৰ সমস্যাসমুহ সমাধানৰ বাবে পদক্ষেপ লব বুলিও আশা প্ৰকাশ কৰিছে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে । আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সন্থাৰ কেবাগৰাকী জিলা আৰু কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকি সম্পূৰ্ণ কোভিড প্ৰটকল মানি পালন কৰা কৰা বুলি উল্লেখ কৰে।    

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in