কোভিড চেন্টাৰৰ পৰা পলাই গৈছিল কয়দী সুক্লা…

কোভিড চেন্টাৰৰ পৰা পলাই গৈছিল কয়দী সুক্লা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা যোৱা ২৯ জুলাইত পলায়ন কৰা সুক্ত মুৰ্ম ওৰফে সুক্লা নামৰ কোভিড-১৯ পজিটিভ কয়দীজনক দেওবাৰে অসম আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৱৰ্তী লুংচুং বনাঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

পলাতক কয়দীটো ধৰ্ষণৰ অপৰাধত কোকৰাঝাৰৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰু কোৰোনাত আক্ৰান্ত হোৱাত যোৱা ২৪ জুলাইত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। কিন্তু সুবিধা বুজি কয়দী সুক্লাই হাস্পতালৰ খিৰিকী ভাঙি পলায়ন কৰিছিল।

আৰু ইয়াৰ পাছতেই সুক্লাৰ সন্ধানত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানৰ নিৰ্দেশত কোকৰাঝাৰ আৰক্ষীয়ে অহৰ্নিশে অভিযান অব্যাহত ৰাখিছিল। অৱশেষত দেওবাৰে বিছমুৰী আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তবৰ্তী লুংচুং বনাঞ্চলৰ পৰা পলাতক সুক্লা মুৰ্মুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ সুক্লাক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত লৈ যোৱা হয় আৰু কোভিড-১৯ পৰীক্ষা কৰা হয় যদিও সুক্লাৰ দেহত কোভিড নিগেটিভ ধৰা পৰে। ইতিমধ্যে দেওবাৰে গ্ৰেপ্তাৰ হোৱা পলাতক কয়দীটোৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২২৪/ ২৬৯/ ২৭০ মৰ্মে এক গোচৰ ৰজু কৰা হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in