অচিৰেই ছবিঘৰলৈ ‘কুচ কুচ হৌতা হে-২’

অচিৰেই ছবিঘৰলৈ ‘কুচ কুচ হৌতা হে-২’

ডিজিটেল ডেস্কঃ ১৯৯৮ চনত ছবিঘৰলৈ আহিছিল 'কুচ কুচ হৌতা হে' ছবিখন। কলেজীয়া জীৱনৰ এটি প্ৰেম কাহিনীৰে সজোৱা এই ছবিখন উপভোগ কৰা জনে হয়তো কেতিয়াও পাহৰিব নোৱাৰে।ছবিখনৰ গীত,কাহিনীৰ লগতে শ্বাহৰুখ,কাজল,ৰাণী আৰু অনুপম খেৰৰ দুদাৰ্ন্ত অভিনয়ে আজিও কোটি কোটি দৰ্শকক মোহাচ্চন্ন কৰি ৰাখিছে।

বলিউদৰ যশস্বী পৰিচালক কৰণ জৌহৰে এই ছবিখনৰ জৰিয়তেই পৰিচালক জীৱনৰ পাতনি মেলিছিল। শেহতীয়াকৈ পৰিচালক গৰাকীয়ে টেলিভিছনৰ এটা অনুষ্ঠানত ঘোষণা কৰিছে যে 'কুচ কুচ হৌতা হে' ছবিখনৰ দ্বিতীয় সংস্কৰণ নিৰ্মাণ কৰা হ'ব।পৰিচালক গৰাকীয়ে লগতে এই যদি নিৰ্মাণ কৰা হয় কোন কোন অভিনেতাই অভিনয় কৰিব এই সৰ্ম্পকেও জনায়।

ৰণবীৰ কাপুৰ,আলিয়া ভট্ট আৰু জাহ্নৱী কাপুৰক এই ছবিখনৰ বাবে উপযুক্ত বুলি মতপ্ৰকাশ কৰে পৰিচালক কৰণ জৌহৰে। উল্লেখ্যনীয় যে,কৰণ জৌহৰৰ সৈতে ৰণবীৰ কাপুৰে' ইয়ে দিল হে মুচকিল','য়ে জৱানী হে দিৱানী' আৰু আলিয়া ভট্টে ২০১২ চনত 'ষ্টুডেন্ট অৱ দি ইয়েৰ' ছবিখনত কাম কৰিছে। শেহতীয়াকৈ বলিউদত খোজ পেলোৱা শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰৰ প্ৰথমখন ছবিতো কৰণ জৌহৰে কিছু নিৰ্দেশনা প্ৰদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in