ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, কৃষ্ণাইত হাঁহ-কুকুৰাৰ ৰাজনীতি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, কৃষ্ণাইত হাঁহ-কুকুৰাৰ ৰাজনীতি

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত পঞ্চায়ত নিৰ্বাচনক লৈ চলিছে গৰম বতাহ ৷ চৌপাশে কেৱল বেনাৰ-পোষ্টাৰ।  সম্প্ৰত্তি নিৰ্বাচনৰ বাবে মানুহৰ ঘৰৰ গড়ালত পাৱলৈ নাই হাঁহ-কুকুৰা ৷ কাৰণ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে হাঁহ-কুকুৰাৰ ৰাজনীতিৰ ৷ সেয়েহে কৃষ্ণাই অঞ্চলত সম্প্ৰতি হাঁহ-কুকুৰা পাবলৈ নাইকিয়া হৈছে ৷ এই মন্তব্য কৃষ্ণাই গাওঁ পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থিত কৰ্মী জয়ন্ত ৰায়ৰ ৷

বুধবাৰে নিশা কৃষ্ণাইৰ বিদ্যাপাৰাত কৃষ্ণাই সভাপতিৰ নিৰ্দলীয় প্ৰাৰ্থী শ্যামল মিত্ৰৰ এক নিৰ্বাচনী প্ৰচাৰ জনসভাত এনেদৰে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ প্ৰাৰ্থী সকলক সমালোচনা কৰি কটাক্ষ কৰি এনেদৰে মন্তব্য দাঙি ধৰে ৷ ইফালে সভাৰ মাজতে সমাজকৰ্মী জনাব আলীয়ে গীতৰ মাজেৰেও প্ৰচাৰ কাৰ্য চলাই ৰাইজক নিৰ্দলীয় প্ৰাৰ্থী গৰাকীক ভোট দি জয়ী কৰিবলৈ আহ্বান জনায় ৷

আনহাতে ৰাইজৰ মাজত বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি নিৰ্দলীয় সভাপতিৰ প্ৰাৰ্থী শ্যামল মিত্ৰই বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ এনেদৰে সম্প্ৰতি কৃষ্ণাইত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ৰাইজক বিভিন্ন প্ৰকাৰে আকৰ্ষিত কৰিবলৈ চলাই গৈছে প্ৰচাৰ কাৰ্য ৷ নিৰ্বাচনী ফলাফলৰ পাছতহে কোনগৰাকী পাৰ্থীক ৰাইজে আকোৱালী লব সেয়া লক্ষণীয় হব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in